ETV Bharat / state

Erosion at Kalgachia: খহনীয়াৰ কৱলত কলগাছিয়াৰ খাৰবাল্লী প্ৰাথমিক বিদ্যালয়

author img

By

Published : Jul 24, 2022, 4:11 PM IST

কলগাছিয়াৰ খাৰবাল্লীত বেঁকী নদীৰ গৰাখহনীয়াৰ তাণ্ডৱ । নদীৰ বুকুত জাহ গ’ল কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । খহনীয়াৰ কৱলত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় । অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত । খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ ৰাইজৰ ।

Erosion at Kalgachia
খহনীয়াৰ কৱলত কলগাছিয়াৰ খাৰবাল্লী প্ৰাথমিক বিদ্যালয়

জনীয়া, 24 জুলাই : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবাল্লী গাঁৱৰ মাজেদি বৈ যোৱা বেঁকী নদীত সৃষ্টি হোৱা প্ৰৱল সোঁতত খাৰবাল্লী আৰু সুতিৰপাথাৰ গাঁৱত আৰম্ভ হৈছে বিধ্বংসী গৰাখহনীয়া । হঠাতে বৃদ্ধি হোৱা নদীৰ জলপৃষ্ঠই সৃষ্টি কৰিছে খহনীয়াৰ তাণ্ডৱ । চকুৰ পলকতে বেঁকী নদীৰ সুঁতিয়ে খহাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰৰ ভেটি ।

স্থানীয় লোক

সম্প্ৰতি খহনীয়াৰ কৱলত পৰিছে ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় । ইতিমধ্যে বিদ্যালয়খনৰ বাউণ্ডেৰী ৱালখন নদীৰ বুকুত জাহ গৈছে । নিশাটোৰ ভিতৰতে বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ আশংকা কৰি হুকহুকাই কান্দিছে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জামাল বাদশাই । বিদ্যালয়খন নদীৰ বুকুত জাহ গ’লে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰ হৈ যোৱাৰ আশংকা কৰিছে ৰাইজে ।

ইফালে খাৰবাল্লী মডাৰ্ণ বজাৰৰ একাংশ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতি-মাটি নৈৰ বুকুত জাহ যোৱাৰ পিছতো স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকে খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভিত হৈছে ৰাইজে । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Erosion at Kalgachia: চকুৰ সন্মুখতে নৈৰ বুকুত জাহ গ'ল 21 টা পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.