ETV Bharat / state

Erosion at Senga: চেঙা সমষ্টিৰ ৰৌমাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া; বিধায়ক অশ্ৰাফুল হুছেইন মুর্দাবাদ ধ্বনি - erosin problem in Assam

চেঙা সমষ্টিৰ ৰৌমাৰীত গৰাখহনীয়াই ধাৰণ কৰিছে তীব্ৰ ৰূপ । যাৰ ফলত মানচিত্ৰৰ পৰা নিশ্চিহ্ন হোৱাৰ পথত কেইবাখনো গাঁও । বিধায়ক অশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনি ।

Erosion at Senga
Erosion at Senga
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:51 PM IST

চেঙাৰ ৰৌমাৰীত তীব্ৰ খহনীয়া

বৰপেটা ৫ ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ চেঙাতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগা হৈছে ।

আনহাতে, স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ সমষ্টিবাসীৰ খবৰ ল'বলৈ আহৰি নাই বুলি অভিযোগ উঠিছে । ইফালে নিৰ্বাচনৰ সময়ত খহনীয়া ৰোধ কৰিমেই বুলি দম্ভালি মাৰি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰা সমষ্টিটোৰ বিধায়কক বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগা হৈছে ।

উল্লেখ্য যে চেঙা বিধানসভা সমষ্টিৰ ৰৌমাৰী গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া । ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । অনিদ্ৰাত পাৰ কৰিবলগীয়া হৈছে প্ৰতিটো নিশা । ব্ৰহ্মপুত্ৰৰ এই কালৰূপত বিগত দিনকেইটাত কেইবাটাও পৰিয়ালৰ বাসগৃহ স্থানান্তৰ কৰিবলগীয়া হৈছে । আনহাতে, খহনীয়াত জাহ গৈছে বহুতৰে মাটি-ভেটি ।

লগতে হাজাৰ হাজাৰ কৃষিভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে । যাৰ বাবে উপায়হীন হৈ পৰিছে ৰৌমাৰী পথাৰ গাঁৱৰ নৈপৰীয়া ৰাইজ । তাৰ মাজতে চেঙা সমষ্টিৰ স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰত ক্ষোভিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

জানিব পৰা মতে, খহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোটেৰে জনপ্ৰতিনিধি হোৱা আশ্ৰাফুল হুছেইনে বৰ্তমানলৈকে খবৰ লোৱা নাই খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ । ফলত কথা আৰু কামৰ মাজত মিল নাই বুলিও ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে ।

আনকি চৰকাৰ তথা জলসম্পদ বিভাগৰ ফালৰ পৰাও আজিলৈকে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । সেয়ে ৰৌমাৰী পথাৰ গাঁৱত চলি থকা খহনীয়া পৰিদৰ্শন কৰি সেয়া প্ৰতিৰোধৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছে নৈপৰীয়া ৰাইজে ।

আনহাতে, ইয়াৰ সমান্তৰালভাৱে চেঙা সমষ্টিৰ ৰৌমাৰী, বৰভিঠা, বহৰি আদিতো চলিছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াৰ তাণ্ডৱ । এনেদৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই অসমৰ মানচিত্ৰৰ পৰা ৰৌমাৰী গাঁৱকে ধৰি কেইবাখনো গাঁও নিশ্চিহ্ন হোৱাৰ পথত ।

লগতে পঢ়ক :Jania Constituency: বিভিন্ন সমস্যা সন্দৰ্ভত জনীয়াৰ বিধায়কৰ হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.