ETV Bharat / state

বিজেপি-আৰ এছ এছৰ সৈতে বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি: গণতান্ত্ৰিক যুৱ ফেডাৰেচন - Cow sacrifice on Eid

প্ৰতিক্ৰিয়া অব্যাহত আছে বদৰুদ্দিন আজমলৰ কোৰবাণী সম্পৰ্কীয় মন্তব্যৰ ৷ এই পৰ্যন্ত প্ৰতিক্ৰিয়া আগবঢ়াইছে কেইবাজনো সংখ্যালঘূ নেতাই ৷ শেহতীয়াকৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ নেতা ৰোস্তম আলীয়ে(DYFI Assam president) মন্তব্য কৰিছে যে, বদৰুদ্দিন আজমলৰ বিজেপি আৰু আৰ এছ এছৰ সৈতে গোপন মিতিৰালি আছে ৷

DYFI Assam president
বিজেপি আৰু আৰ এছ এছৰ সৈতে বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি
author img

By

Published : Jul 4, 2022, 7:55 PM IST

জনীয়া, 4 জুলাই: এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কোৰবাণীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰয়া আগবঢ়াইছে গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (Democratic Youth Federation of India) ৰাজ্যিক সভাপতি ৰোস্তম আলীয়ে ৷ বিজেপি আৰু আৰ এছ এছৰ লগত বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি আছে বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰোস্তম আলীয়ে ৷

উল্লেখ্য যে, দেওবাৰে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য কৰিছিল যে কোৰবাণীত গৰু কটাৰ কোনো প্ৰয়োজন নাই । গৰুৰ পৰিৱৰ্তে অন্য জীৱ-জন্তু কটাৰ বাবে আহ্বান জনাইছিল এআইইউডিএফ প্ৰধানজনে (Badaruddin Ajmal on Kurbani)৷ তেওঁ লগতে কৈছিল যে, গৰুৰ কোৰবাণী দিয়াৰ ফলত দেশৰ সংখ্যাগুৰু লোকসকলৰ ধৰ্মীয় আবেগত আঘাত হানে (Cow sacrifice on Eid)৷ বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সৰ্বত্ৰে ৷ সমান্তৰালকৈ সোমবাৰে কলগাছিয়াত এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰোস্তম আলীয়ে (DYFI Assam president)৷

বিজেপি আৰু আৰ এছ এছৰ সৈতে বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি

বদৰুদ্দিন আজমলক নিন্দা আৰু গৰিহণা জনাই তেওঁ কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ । এই ৰাষ্ট্ৰত হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান সকলোৱে নিজৰ নিজৰ সংস্কৃতি, নিজৰ ধর্ম পালন কৰিব । কিন্তু বদৰুদ্দিন আজমলে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি গৰু কাটিব নালাগে বুলি যি পৰামৰ্শ দিছে এই মন্তব্য গৰিহণাৰ যোগ্য ৷ বদৰুদ্দিন আজমলৰ বিজেপি আৰু আৰ এছ এছৰ সৈতে গোপন মিতিৰালি আছে আৰু ভোটৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত এইধৰণৰ সম্পৰ্ক স্থাপন হোৱা বুলি মন্তব্য কৰে ৰোস্তম আলীয়ে ।

লগতে মুছলমান ধৰ্মক লৈ যিকোনো সময়ত অযথা মন্তব্য নকৰিবলৈ বদৰুদ্দিন আজমলক সকীয়াই দিয়ে যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰোস্তম অলীয়ে ।

লগতে পঢ়ক: ঈদ-উল-আজহাৰ কোৰবাণী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ভিন্ন মহলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.