বৰপেটাৰোড,১২ এপ্ৰিল: নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত (Assam Police Against Drugs) । আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ । সেৱনকাৰীয়ে গ্ৰহণ কৰিয়েই আছে মাৰাত্মক বৰবিহ । এইবাৰ বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে দুজনকৈ ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় (Police caught Drug addicted youth with drugs) ।
ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ নাম শ্বাহিল আলম আৰু মনোজ ৰাজভৰ ৷ যুৱকদ্বয়ৰ পৰা ড্ৰাগছ ভৰ্তি ২৮ টা কন্টেনাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ যুৱকদ্বয়ে ২৮ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ ক’লা পলিথিনেৰে মেৰিয়াই লৈ বৰপেটাৰোডৰ মিনি ষ্টেডিয়ামলৈ আহিছিল ৷
সেইসময়ত স্থানীয় দুজনলোকে প্ৰত্যক্ষ কৰি ড্ৰাগছ বুলি সন্দেহ কৰি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে । বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ড্ৰাগছ সৰবৰাহকাৰী যুৱকদ্বয়ক আটক কৰে ৷
আটকধীন যুৱক শ্বাহিল আলমৰ ঘৰ ৰঙিয়াত আৰু মনোজ ৰাজভৰৰ ঘৰ গোৱৰ্ধনা জাখলিবিল পাথাৰত বুলি জানিব পৰা গৈছে ৷ শ্বাহিল আলম নামৰ যুৱকজনে বৰপেটাৰোডত ভাৰাতীয়া হিচাপে থাকি মনোজ ৰাজভৰৰ সৈতে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ সন্ধানত দুয়োজন যুৱকক বৰপেটাৰোড আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰে ভৰিছে বিহুৰ বজাৰ