ETV Bharat / state

কৰ'ণাৰ সজাগতা : বৰপেটাত স্তব্ধ জনজীৱন ! - প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা

বৰপেটাত জিলা প্ৰশাসনৰ জৰুৰী অৱস্থা ঘোষণা ৷ যাৰ ফলত বন্ধ হৈ পৰিছে যান বাহনৰ চলাচলৰ লগতে দোকান-পোহাৰ, কাৰখানা ইত্যাদি ৷ ৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জাৰি কৰিছে কেতবোৰ জৰুৰী নিৰ্দেশনা ৷

district administration announced strict order

author img

By

Published : Mar 23, 2020, 12:32 PM IST

বৰপেটা, ২৩ মাৰ্চ : বৰপেটাত একপ্ৰকাৰ জৰুৰী অৱস্থা ঘোষণা কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জাৰি কৰিছে কেতবোৰ জৰুৰী নিৰ্দেশনা ৷ এই নিৰ্দেশনা অনুসৰি বৰপেটা জিলাত সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ ব্যৱসায়িক যান বাহনৰ চলাচল বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ সোমবাৰৰ পৰা বাছ,উইংগাৰ,ট্ৰেভেলাৰ,টেক্সী,অট'ৰিক্সা,ই-ৰিক্সা আদি যাত্ৰী কঢ়িওৱা সকলো সৰু যান বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে উপায়ুক্তই ৷

কৰ'ণাৰ সজাগতা সন্দৰ্ভত গুণীন্দ্ৰ দাসৰ মন্তব্য

আনহাতে জিলাখনৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান,ৱৰ্কশ্বপ,কাৰখানা,গোডাউন,ইটাভাটা আদিও বন্ধৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে ৷ জিলাখনত মাছ-মাংস আৰু হাঁহ-কুকুৰাৰ দোকান-বজাৰো বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অনিৰ্দিষ্টকাললৈ বাহাল থাকিব এই নিৰ্দেশনা ৷ অৱশ্যে ব্যক্তিগত যানবাহন,এম্বুলেঞ্চ,আৰক্ষী,সামৰিক বাহিনী আৰু পেৰা-মেলিটেৰী বাহিনীৰ লগতে পণ্য সামগ্ৰী কঢ়িওৱা যান-বাহন,ডাক বিভাগৰ বাহন, সংবাদ মাধ্যমৰ গাড়ীৰ লগতে জৰুৰী সেৱাত নিয়োজিত গাড়ীৰ চলাচল অব্যাহত থাকিব ৷ একেদৰে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিপনী যেনে- খাদ্য সামগ্ৰীৰ দোকান,ফাৰ্মাচী,পেট্ৰ'ল পাম্প,এলপিজি বিক্ৰী সেৱা কেন্দ্ৰসমূহ বন্ধ ৰখাৰ পৰা ৰেহাই দিয়া হৈছে ৷

ইপিনে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৰাইজক জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে ৷ এইমুহুৰ্তত ৰাইজক জনসমাগমৰ পৰা আঁতৰি থকাৰ আহ্বান বিধায়ক গৰাকীৰ ৷ লগতে বহিঃৰাজ্যত কৰ্মৰত লোকসকল নিজ গৃহলৈ উভতি অহাৰ পিচত তেওঁলোকক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰু পৰিয়াল বা আন মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিছে বিধায়ক দাসে ৷

লগতে পঢ়ক : কলিয়াবৰৰ গৰৈমাৰীত এগৰাকী যুৱতীৰ আত্মহত্যা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.