ETV Bharat / state

কফিনত স্ব-গৃহ লৈ আহিল বেংগালুৰুত হত্যাৰ বলি হোৱা বৰপেটাৰ ছাত্ৰী

author img

By

Published : Dec 18, 2020, 8:59 PM IST

Updated : Dec 19, 2020, 4:37 PM IST

উচ্চশিক্ষাৰ সপোন লৈ বেংগালুৰুলৈ যোৱা মেধাৱী ছাত্ৰী ঘূৰি আহিল মৃতদেহ হৈ ৷ বহিঃৰাজ্যত অকাল মৃত্য়ুক সাৱটিলে ছাত্ৰী গৰাকীয়ে ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ নগৰঝাৰত ঘৰ এইগৰাকী দুৰ্ভগীয়া ছাত্ৰীৰ ৷

rape victim
rape victim

বৰপেটা, ১৯ ডিচেম্বৰ : স্ব-গৃহ আহি পালে শিক্ষা গ্ৰহণৰ বাবে বেংগালুৰু চহৰলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা মেধাৱী ছাত্ৰী গৰাকীৰ নিথৰ দেহ ৷ বৰপেটাৰ হাউলী চহৰৰ সমীপৰ নগৰঝাৰ গাঁৱৰ মেধাৱী ছাত্ৰীগৰাকী চাৰিদিন পূৰ্বে গৈছিল বেংগালুৰুলৈ ৷ ছাত্ৰী গৰাকীক বেংগালুৰুত দলবদ্ধ ভাৱে ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ শুকুৰবাৰে যুৱতীগৰাকীৰ মৃতদেহ নিজ গৃহ আহি পোৱাৰ পিচতেই গাঁওখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

ছাত্ৰীগৰাকীৰ নশ্বৰদেহ বিমানযোগে বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ এম্বুলেঞ্চযোগে পোনে পোনে ঘৰলৈ নগৰঝাৰলৈ অনা হয় ৷ ছাত্ৰীগৰাকীক শেষবাৰৰ বাবে চাবলৈ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে গাঁওখনত । সকলোৰে দাবী দোষীক কঠোৰত কৈয়ো কঠোৰ শাস্তি প্ৰদান কৰাৰ ৷ ইপিনে অসম চৰকাৰে ছাত্ৰীগৰাকীৰ মৃতদেহটো ঘৰলৈ অনাৰ ক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

আব্বা মই যাওঁ বুলি একেবাৰেই গ’ল গৈ ছোৱালীজনী

উল্লেখ্য যে, মেধাৱী ছাত্ৰীগৰাকী হাউলীৰ নগৰঝাৰৰ পৰা ১৪ ডিচেম্বৰত বহু সপোন লৈ বেংগালুৰুৰ ইষ্ট-ৱেষ্ট কলেজত বিএচচি নাৰ্ছিং পাঠ্যক্ৰম অধ্যয়নৰ বাবে ৰাওনা হৈছিল । কিন্তু বেংগালুৰুত অধ্যয়নৰ বাবে যোৱাটোৱেই যেন কাল হ’ল ছাত্ৰীগৰাকীৰ । ১৬ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে হোষ্টেলৰ পৰা ক্লাছলৈ ওলাই যোৱাৰ পিচতেই বেংগালুৰুতেই অধ্যয়ন কৰি থকা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আনিছুৰ ৰহমান নামৰ যুৱকজনে আন দুই সতীৰ্থৰ সৈতে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে ৷

ইপিনে হত্যাকাণ্ডৰ মুল অভিযুক্ত গোৱালপাৰাৰ আনিছুৰ ৰহমানৰ লগতে আন দুগৰাকী অভিযুক্তকো ইতিমধ্যে আটক কৰিছে বেংগালুৰু আৰক্ষীয়ে ৷ এই ঘটনাৰ পিচতেই স্থানীয় ৰাইজে অসম চৰকাৰক কৰ্ণাটক চৰকাৰৰ সৈতে যোগাযোগ কৰি আনিচুৰ আৰু আন দুই অভিযুক্তক ফাঁচী দিয়াৰ দাবী তুলিছে ৷

লগতে পঢ়ক : বৰপেটাৰ যৌন নিৰ্যাতনৰ অভিযুক্তক 5 বছৰ সশ্ৰম কাৰাদণ্ড

Last Updated : Dec 19, 2020, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.