ETV Bharat / state

কলগাছিয়াত আৰম্ভ ক’ভিডৰ পৰীক্ষা

author img

By

Published : Apr 12, 2021, 6:13 PM IST

বৰপেটা অসামৰিক চিকিৎসালয়ত ক’ভিডৰ পৰীক্ষা আৰম্ভ । শনিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই ক’ভিড পৰীক্ষা ।

কলগাছিয়াত আৰম্ভ কভিড টেষ্ট
কলগাছিয়াত আৰম্ভ কভিড টেষ্ট

জনীয়া,12 এপ্ৰিল: ভাৰতবৰ্ষৰ লগতে অসমতো ক’ভিড-19 ৰ দ্বিতীয় ঢৌৱে জোকাৰি গৈছে ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 144 ধাৰা জাৰি কৰি ৰেপিড এণ্টিজেন পৰীক্ষা অব্যাহত ৰাখিছে ৷ ক’ভিড-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰ কলগাছিয়াৰ অসামৰিক চিকিৎসালয়ত পুনৰ ক’ভিড পৰীক্ষা অব্যাহত ৰাখিছে ৷ কৰ’ণা মহামাৰীৰ ভয়াৱহতা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশমৰ্মে শনিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ক’ভিডৰ পৰীক্ষা ।

কলগাছিয়াত আৰম্ভ কভিড টেষ্ট

যিসকল ৰোগীয়ে চিকিৎসালয়ত প্ৰৱেশ কৰে প্ৰত্যেকজনকে ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে । যাৰ বাবে কলগাছিয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে আগতীয়াকৈ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ শনিবাৰে পুৱা ৮ বজাৰ পৰা ক’ভিড পৰীক্ষা আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে অধীক্ষক গৰাকীয়ে । আনহাতে কলগাছিয়া অঞ্চলৰ জন সাধাৰণক ক’ভিডৰ পৰা ৰক্ষা পাবলৈ মাক্স, সামাজিক দূৰত্ব আদি কৰি বিভিন্ন নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক: তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.