ETV Bharat / state

জনীয়াত শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ - জোনাইত শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ

ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এখন অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি ৷ অংগনবাদীলৈ অহা শিশুৰ খাদ্য-সামগ্ৰীসমূহ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যই বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Corruption in distribution of children's food) ৷

Corruption in distribution of children's food at Jania
জনীয়াত শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ
author img

By

Published : Sep 28, 2022, 2:02 PM IST

জনীয়া, 28 ছেপ্টেম্বৰ: ৰাজ্যৰ সমাজ কল্যাণ বিভাগে অংগনবাদী কেন্দ্ৰসমূহ নবীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে একাংশ অংগনবাদী কৰ্মীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এখন অংগনবাদীলৈ অহা শিশুৰ খাদ্য-সামগ্ৰীসমূহ অংগনবাদীখনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যই বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ (Corruption in distribution of children's food) উত্থাপন কৰিছে স্থানীয় লোকে ৷

ফলত অংগনবাদী কেন্দ্ৰটোত এক এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে ৷ ইফালে কেমেৰাৰ সন্মুখত চাউল ভগাই লোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰে পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে (Rice scam at Jania) ৷ ঘটনা অনুসৰি, অংগনবাদী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি আব্বাছ আলী আৰু সদস্য মাজিদুল ইছলামে সকলো খাদ্য বস্তু নামমাত্ৰ বিতৰণ দেখুৱাই বাকী ৭১ কিলোগ্ৰাম চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

জনীয়াত শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ

এই খবৰ অৱগত হোৱাৰ লগে লগে ৰাইজে হেঁচা প্ৰদান কৰাত আত্মসাৎ কৰা ৭১ কিলোগ্ৰাম চাউল অংগনবাদী কেন্দ্ৰলৈ ঘূৰাই আনে ৷ আত্মসাৎ কৰা চাউলখিনি সভাপতি আব্বাছ আলীয়ে ঘৰলৈ লৈ যোৱা বুলি স্বীকাৰ কৰে ৷ ইফালে অংগনবাদী কৰ্মী আনোৱাৰা খাতুনে শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগত সভাপতি আব্বাছ আলী আৰু সদস্য মাজিদুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷

আনহাতে স্থানীয় ৰাইজে এইক্ষেত্ৰত কৰ্মী আনোৱাৰা খাতুন, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি আব্বাছ আলী আৰু সদস্য মাজিদুল ইছলামৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক: Lata Mangeshkar birth anniversary: ভাৰতৰ নাইটিংগেলৰ চিৰসেউজ গীতসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.