বৰপেটা,20 মে’: ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হাস্পতালখনৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ 15 খন আইচিইউ বিচনা স্থাপন কৰা হ’ব ৷ লগতে বৃহস্পতিবাৰৰ দিনটোৰ ভিতৰতে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ 50 টা অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান ধৰিব চৰকাৰে ৷
বৰপেটাত আৰএটি পৰীক্ষাৰ বিপৰীতে আৰটিপিচিআৰ পৰীক্ষাৰ মাত্ৰা কম হৈ আছে ৷ সেয়েহে এই বঢ়োৱাৰ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অক্সিজেনৰ যোগান যাতে নিশ্চিত হৈ থাকে, সেই সম্পৰ্কে তেওঁ হাস্পতাল কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ ক’ভিডৰ সৈতে মোকাবিলা কৰাত চৰকাৰ সফল হৈছে ৷ ৰাজ্যত লাহে লাহে ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷ ৰাজ্যখনত 14 শতাংশলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে শেহতীয়াভাৱে 6 শতাংশলৈ নামিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
পৰৱৰ্তী 15 দিনৰ ভিতৰত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ৷ তাৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা, সান্ধ্য আইন আদি মানি চলিবলৈ আৰু ভেকচিন গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ 50 বছৰৰ ঊৰ্ধৰ লোক হোম আইচ’লেছনত থকাতো উচিত নহয়, সেয়ে ক’ভিড হাস্পতালৰ প্ৰয়োজন থকা বুলি মন্তব্য কৰি ক’ভিড হাস্পতালৰ আন্তঃগাঁথনিৰ উন্নয়ন সম্পৰ্কে চৰকাৰে গুৰুত্ব প্ৰদান কৰিব ৷
অৱশ্যে একাংশ ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোমে অতিৰিক্ত ধন আদায়ক লৈ উঠা অভিযোগৰ ভিত্তিত নাৰ্চিংহোমৰ মাচুল ধাৰ্য কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চৰকাৰে ব্যৱস্থা ল’ব ৷ চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়া হ’ব ৷ আনহাতে ৰাজ্যত প্ৰতিদিনে যোগান ধৰা 50 হাজাৰ ভেকচিনৰ সংখ্যা 1 লাখ হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷
তেওঁ জানিবলৈ দিয়ে যে, চৰকাৰে চেষ্টা কৰি থকাৰ পাচতো পৰ্যাপ্ত পৰিমাণে ভেকচিন ক্ৰয় কৰিব পৰা নাই ৷ ৰাজ্যত পূৰ্ণ পৰ্যায়ৰ লক ডাউন দিয়াৰ সম্ভাৱনা নাই ৷ ৰাইজক অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ, মাস্ক পৰিধান কৰিলে আৰু চৰকাৰী নিৰ্দেশনা মানি চলিলে 15-20 দিনৰ ভিতৰতে পৰিস্থিতি সুস্থিৰ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
ইয়াৰোপৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যত এগৰাকী ব্লেক ফাংগাছ ৰোগীৰ মৃত্যু হোৱা আৰু এই ৰোগৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে বিষয়তো স্পষ্ট হ’লে এই বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হ’ব ৷ ৰাজ্যৰ অসামৰিক হাস্পতালসমূহতো অক্সিজেন প্লাণ্ট স্থাপনক লৈ আলোচনা চলি আছে ৷ ৰাজ্যত ইতিমধ্যে 14 টা অক্সিজেন প্লাণ্ট সম্পূৰ্ণ হৈ উঠাৰ লগতে নতুনকৈ পুনৰ 6 টা অক্সিজেন প্লাণ্ট স্থাপনৰ কাম চলি আছে ৷
লগতে পঢ়ক : শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা