ETV Bharat / state

মইনবৰী প্ৰাথমিক বিদ্যালয়ৰ গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - কলগাছিয়া ৰাজহ চক্ৰ

৩৬৪ কিচমত মইনবৰী প্ৰাথমিক বিদ্যালয়ৰ গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে ৰাইজৰ অজ্ঞাতে নিয়ম বৰ্হিভূত ভাৱে এই গছ কটাৰ অভিযোগ ৰাইজৰ। দেৱানীৰ ভূমিকাত মন্দিয়া খণ্ড শিক্ষা বিষয়া মতিউৰ ৰহমান।

clash for cutting tree at moinbori
clash for cutting tree at moinbori
author img

By

Published : Aug 31, 2020, 6:27 AM IST

জনীয়া, 30 আগষ্ট : বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৬৪ নং প্ৰাথমিক বিদ্যালয়ৰ কেইবাজোপাও গছ কাটি বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে মিলি বিক্ৰী কৰাৰ ফলত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাইজে অভিযোগ উত্থাপন কৰা মতে তীব্ৰ ৰ'দত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে গছৰ তলত থাকি নেওতা পঢ়াৰ লগতে গছৰ তলত অধ্যয়ন কৰে । তেনে ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে ৰাইজক এন্ধাৰত ৰাখি মাত্ৰ ৯ হেজাৰ টকাত গছ কেইজোপা বিক্ৰী কৰাৰ অভিযোগ উঠিছে ।

ৰাইজে এই গছ কটা সন্দৰ্ভত মন্দিয়া খণ্ড উন্নয়ন বিষয়া, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকে ধৰি বিভিন্ন ঠাইত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে বন বিভাগ, শিক্ষা বিভাগ আৰু ৰাইজক এন্ধাৰত থৈ এই গছ কটাটো সম্পূৰ্ণ ভুল হোৱা বুলি মন্দিয়া খণ্ড শিক্ষা বিষয়াই শিক্ষা বিভাগলৈ প্ৰতিবেদন প্ৰস্তুত কৰিছে ৷

মইনবৰী প্ৰাথমিক বিদ্যালয়ৰ গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, গছ কটাৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতিয়ে গছ কাটিবলৈ কোনো অনুমতি লোৱা নাই বিভাগৰ পৰা । তেনে ক্ষেত্ৰত দেওবাৰে বিদ্যালয়ত মন্দিয়া খণ্ড শিক্ষা বিষয়া মতিউৰ ৰহমান উপস্থিত হৈ দেৱানীৰ ভূমিকা পালন কৰাত ৰাইজৰ মাজত শিক্ষা বিষয়া মতিউৰ ৰহমান কিছু সমালোচনাৰ পাত্ৰ হোৱা দেখা গৈছে ৷

লগতে পঢ়ক : বিজেপিত যোগদান কৰিব বি পি এফৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.