ETV Bharat / state

বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত দৰাসহ তিনিজন - বাল্য বিবাহ

মানুহ শিক্ষা দীক্ষাৰ যিমানে আগবাঢ়ি গৈছে, সিমানেই একাংশ লোক আজিও পিছপৰি আছে ৷ ৰাজ্যত আজিও অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে ৷ এইবাৰ বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত পৰিল দৰাসহ তিনি অভিযুক্ত ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবাদন...

বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত দৰাসহ তিনিজন

author img

By

Published : Aug 20, 2021, 9:44 PM IST

বৰপেটা, ২০ আগষ্টঃ ৰাজ্যত ইটোৰ পাচত সিটো অপৰাধজনিত ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে ৷ কেতিয়াবা যদি নাৰী সৰবৰাহকাৰী আকৌ কেতিয়া নাৰীদেহ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে ৷ তাৰ মাজতে বাল্য বিবাহৰ দৰে ঘটনা আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুলোকে গোপনে কৰি আহিছে ৷

এইবাৰ ঘটনাৰ স্থান বৰপেটা জিলা ৷ বৰপেটা জিলাৰ হাঙলীৰ বৰবাৰীঝাৰ গাঁৱৰ এগৰাকী 15 বছৰীয়া কিশোৰীক গোপনে বিয়া দিবলৈ ওলাইছিল পৰিয়াল ৷ জানিবপৰা মতে, বৰবাৰীঝাৰ গাঁৱৰ বাছেৰ আলীৰ পুত্ৰ জাহিৰুল ইছলামে কিশোৰী গৰাকীক বিয়া কৰিবলৈ ওলাইছি ৷ ইপিনে এই ঘটনাৰ বিষয়ে জানিব পাৰি ভেৰালদি গ্ৰাম্য উন্নয়ন সংস্থা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে হাউলী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত দৰাসহ তিনিজন

লগতে পঢ়কঃ অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নলবাৰীত যুৱক-যুৱতীৰ প্ৰস্তুতি

আৰক্ষীয়ে সংস্থাটোৰ এজাহাৰৰ ভিত্তিতে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে বাল্য বিবাহৰ এই ঘটনাৰ লগত জড়িত তিনিগৰাকী অভিযুক্তক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা তিনি অভিযুক্ত হৈছে বাছেৰ আলী, জাহিৰুল ইছলাম আৰু আবুল কাশেম ৷

উল্লেখযোগ্য যে, যি সময়ত চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে ৷ সেই সময়তে চৰকাৰ নিৰ্দেশ অমান্য কৰি আদালতত ন’টাৰীৰ জৰিয়তে অবৈধ ভাৱে বাল্য বিবাহ সম্পন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীয়ে আটক কৰা এই তিনি অভিযুক্তৰ বিৰুদ্ধে ৷

এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বাল্য বিবাহ ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস চলাই অহা স্বেচ্ছাসেৱী সংস্থা ভেৰালদি গ্ৰাম্য উন্নয়ন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

লগতে পঢ়কঃ বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.