ETV Bharat / state

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Apr 3, 2021, 9:52 PM IST

অহা 6 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বৰপেটা জিলা ৷ জিলাখনৰ সংখ্যালঘু অধ্যুষিত সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালা অঞ্চলত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
বৰপেটাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বৰপেটা, ৩ এপ্ৰিল: ৰাজ্যত ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ অহা 6 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ 12 খন জিলাৰ 40টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে এতিয়া ৰাজনৈতিক নেতাসকলে তুংগত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছে ৬০বছৰ ৰাজত্ব চলাইছিল যদিও বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালা অঞ্চলৰ কোনো উন্নতি সাধন নকৰিলে বুলি মন্তব্য কৰে । ইয়াৰ লগতে, যোৱা ৫টা বছৰ শাসন চলাই সংখ্যালঘু ৰাইজক সন্মান আৰু অসমত বসবাস কৰা সকলো ধৰ্মৰ লোককে নিৰাপত্তা দিয়া হৈছে বুলি সভাত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীক হাতীৰ ছবিত বুটাম টিপি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায় ।

আনহাতে, ''মই এই অঞ্চলত আহি গম পালো যে, ইয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে খহনীয়াৰ সমস্যা । বানপানী আৰু খহনীয়া সমস্যাক আমি সংকল্প হিচাপে আৰু গুৰুত্ব সহকাৰে লৈছো আৰু অঞ্চলটোত বিজ্ঞান মহাবিদ্যালয় এখন নিৰ্মাণ কৰা হ'ব বুলি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে'' ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নীতিৰ জৰিয়তে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলিৰ অধীনত বৰ্তমান ৫০০০টকাৰ বিপৰীতে বিজেপি চৰকাৰ আহিলে প্ৰতিগৰাকী কৃষকক ৫০০০টকাৰ পৰিৱৰ্তে ১০,০০০টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ লগতে, মহিলা সকলক অৰুণোদই আঁচনিৰ অধীনত ৮৩০টকাৰ পৰিৱৰ্তে ৩,০০০ টকা দিব বুলি ঘোষণা কৰাত নিৰ্বাচনী সভাখনত গিজগিজাই থকা সংখ্যালঘু ৰাইজ উৎফুল্লিত হৈ পৰে আৰু সৰ্বানন্দ সোণোৱাল জিন্দাবাদ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে । সভাখনত অগপৰ কেন্দ্ৰীয় সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰায়ো অংশগ্ৰহণ কৰে ৷ সভাত অন্তত সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত কল্পনা পাটোৱাৰীয়ে সৰুক্ষেত্ৰীৰ যুজঁখন অনুন্নত অৱস্থাৰ পৰা উন্নয়নৰ দিশলৈ যোৱাৰ এক যুদ্ধ বুলি অভিহিত কৰে ৷

অন্য এক খবৰৰ বাবে: টেঙাখাতত বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.