ETV Bharat / state

বৰপেটাত অংগনবাড়ী কেন্দ্ৰক পুষ্টিকৰ খাদ্য যোগান ব্যৱস্থাৰ শুভাৰম্ভণি - supplementary nutritioon programme

বৃহস্পতিবাৰে উদ্বোধন কৰা হ'ল সমবায় সমিতিৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ ব্যৱস্থা । বৰপেটা জিলাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ।

Ceremonial distribution of food grains to Anganwadi centre
বৰপেটাত অংগনবাড়ী কেন্দ্ৰক পুষ্টিকৰ খাদ্য যোগান ব্যৱস্থাৰ শুভাৰম্ভণি
author img

By

Published : Sep 9, 2021, 7:08 PM IST

বৰপেটা, ৯ ছেপ্টেম্বৰ: সমবায় সমিতিৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰসমূহক চৰকাৰে যোগান ধৰিব পুষ্টিকৰ খাদ্য । বৃহস্পতিবাৰে বৰপেটা জিলাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ কাৰ্যালয়ত এই পুষ্টিকৰ খাদ্য বিতৰণ ব্যৱস্থা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে । এই ব্যৱস্থা শুভাৰম্ভ কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, শিশুসকলৰ বাবে আবণ্টিত সামগ্ৰীসমূহ সঠিকভাৱে আৰু সময়মতে যোগান ধৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা হ'ব ।

বৰপেটাত অংগনবাড়ী কেন্দ্ৰক পুষ্টিকৰ খাদ্য যোগান ব্যৱস্থাৰ শুভাৰম্ভণি

তেওঁ লগতে শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ পুষ্টি সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে । সমবায় সমিতিখনৰ সম্পাদক মহম্মদ হুছেইনে আঁত ধৰা উক্ত অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন বিষয়া বীণাপানি দেৱীয়ে আঁচনিখনৰ বিষয়ে বক্তব্য আগবঢ়ায় । সমবায় সমিতিৰ সভাপতি মুক্তাৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেইবাটাও অংগনবাড়ী কেন্দ্ৰত শিশুৰ পৰিপুষ্টি সাধনৰ বাবে চাউল বিতৰণ কৰা হয় । সভাত যোগান বিভাগৰ বিষয়া আশিস বৰঠাকুৰ আৰু মনহৰি বায়ন উপস্থিত থাকি আঁচনিখনৰ সফল ৰূপায়ণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।

আনহাতে, এইদৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে স্থানীয় লোকসকলে সন্তুষ্টি ব্যক্ত কৰিছে । কিয়নো, বহু শিশুৱে খাদ্যৰ অভাৱত পুষ্টিহীনতাত ভোগে আৰু বহু গৰ্ভৱতী মহিলাই সঠিকভাৱে খাদ্য গ্ৰহণ নকৰাৰ বাবে নিজৰ লগতে গৰ্ভত থকা সন্তানলৈ বিপদ আহে । সেয়ে, কোনো শিশু যাতে পুষ্টিহীনতাত ভূগিবলগীয়া নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰঃ দাওহাৰো বড়োৰ গুলিবিদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.