ETV Bharat / state

উত্তাল ৰাজ্য: প্ৰান্তে-প্ৰান্তে জ্বলিল প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি - CAB AGGAINST NAGAON_NALBARI_BARPETA_UDALGURI_BAKSA

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাত উত্তাল হৈ পৰিছে ৰাজ্য । ঠায়ে-ঠায়ে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী, ুখ্যমন্ত্ৰীৰ শৱদেহ দহন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ । বিধেয়কখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী ।

CAB AGGAINST NAGAON_NALBARI_BARPETA_UDALGURI_BAKSA
উত্তাল ৰাজ্য:প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ শৱদেহ দহন
author img

By

Published : Dec 11, 2019, 9:14 PM IST

নিউজ ডেস্ক,11 ডিচেম্বৰ : 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই আজি ৰাজ্যসভাত উত্থাপন হয় নাগৰিকত্ব সংশোধনী বিধেয়ক । কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ স্বাভিমানক খৰ্ব কৰি গৃহীত কৰিব বিচৰা এই বিধেয়কখন বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে বিধেয়কখনৰ বিৰোধিতাত চলি আছে উত্তাল প্ৰতিবাদ । প্ৰতিজন নাগৰিকৰ পৰা দল-সংগঠন, শিল্পী সকলো ওলাই আহিছে বিধেয়কখন বাতিলৰ দাবীত । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো এই বিধেয়কৰ বিৰোধিতাত ওলাই আহে জিলাখনৰ নলবাৰী মহাবিদ্যালয়, নলবাৰী বাণিজ্যি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । ছাত্ৰ-ছাত্ৰীসকলে নলবাৰী জিলা ছাত্ৰ সন্থা, যুব ছাত্ৰ পৰিষদৰ সহযোগত নলবাৰী থানা চকত সাব্যস্ত কৰে ধৰ্ণা-কাৰ্যসূচী ।

নলবাৰীৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ইফালে, বাক্সা জিলাৰ তামুলপুৰতো সদৌ অসম ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৰাজপথত দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলৰ দাবী কোনো পধ্যেই অসমীয়াৰ ওপৰত বাংলাদেশীৰ বোজা জাপি দিব নোৱাৰে চৰকাৰে । কেবৰ বিৰোধিতা কৰি উলংগ হৈ প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে বাক্সাৰ ৰাজপথ ।

বাক্সাত উলংগ প্ৰতিবাদ
বৰপেটা জিলাৰ বৰনগৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেবৰ প্ৰতিলিপি দাহ কৰে ৷ উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সমাজে কয়,''কেব আমি কোনো পধ্যেই মানি নলওঁ, 855 জন শ্বহীদৰ কেঁচা তেজ আমাৰ শৰীৰতো আছে, সেয়ে চৰকাৰে যিমান শাস্তি দিলেও আমি কেব নামানো ৷'' প্ৰয়োজনত বৰনগৰ কলেজৰ ছাত্ৰ সমাজে গুলী খাবলৈ বুকু পাতি দিব তথাপিও কেব মানি নলওঁ বুলি হুংকাৰ দিয়ে ।
বৰপেটাত কেব বাতিলৰ দাবীত সাব্যস্ত প্ৰতিবাদ

অন্য এক খবৰৰ বাবে : চৰকাৰলৈ হুংকাৰ জুবিন গাৰ্গৰ , অৱশেষত আহিল সীমান্ত শেখৰো

অন্য প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিতো নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি হয় । এই বিধেয়কৰ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক লোক । ওদালগুৰি চহৰৰ সকলো ব্যৱসাসীক প্ৰতিষ্ঠান বন্ধ কৰি ঠায়ে-ঠায়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । জিলাখনৰ টংলা- কলাইগাঁৱতো টায়াৰ জ্বলাই কেব বিৰোধী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰি তোলে ।

ওদালগুৰিত কেবৰ বিৰোধিতাত প্ৰতিবাদ

অন্য এক খবৰৰ বাবে: কেব বিৰোধী প্ৰতিবাদত উত্তপ্ত নগাওঁ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰে নগাঁও। নগাঁৱত ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । উত্তেজিত ছাত্ৰই ফালি পেলাই বিধায়ক ৰূপক শৰ্মাৰ হৰ্ডিং।

নগাঁৱত উত্তাল পৰিৱেশ

Intro:এইবাৰ কেবকলৈ উত্তাল হৈ পৰিছে ওদালগুৰি।

ৰাজপথলৈ উলাই আহিছে সহস্ৰাধিক কেব বিৰোধী প্ৰতিবাদ

বন্ধ কৰি দিয়া হৈছে ওদালগুৰি চহৰৰ সকলো দোকান পোহাৰ

ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদো কৰিছে প্ৰতিবাদকাৰীয়ে

চহৰখনত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকা

জিলা খনৰ টংলা- কলাইগাঁওতো টায়াৰ জ্বলাই প্ৰতিবাদ কেব বিৰোধীৰ।Body:এইবাৰ কেবকলৈ উত্তাল হৈ পৰিছে ওদালগুৰি।

ৰাজপথলৈ উলাই আহিছে সহস্ৰাধিক কেব বিৰোধী প্ৰতিবাদ

বন্ধ কৰি দিয়া হৈছে ওদালগুৰি চহৰৰ সকলো দোকান পোহাৰ

ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদো কৰিছে প্ৰতিবাদকাৰীয়ে

চহৰখনত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকা

জিলা খনৰ টংলা- কলাইগাঁওতো টায়াৰ জ্বলাই প্ৰতিবাদ কেব বিৰোধীৰ।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.