বৰপেটা, 5 মে': মহামাৰী কৰ'ণা ভাইৰাছে সমগ্ৰ দেশবাসীকে আতংকিত কৰি তোলাৰ সময়তো দেশবাসীক এই মহামাৰীৰ পৰা ৰক্ষাৰ ক্ষেত্ৰত চিকিৎসক, স্বাস্থ্য কৰ্মী আৰু আৰক্ষী বাহিনীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে ৷ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কৰ'ণা প্ৰতিৰোধী সংগ্ৰামখনত একো একোগৰাকী সৈনিক হিচাপে চামিল হৈছে ৷
কৰ'ণা ভাইৰাছৰ পৰা দেশবাসীক ৰক্ষাৰ ক্ষেত্ৰত দেশলৈ আগবঢ়োৱা সেৱাৰ বাবে বৰপেটা জিলাৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী, সমাজসেৱী অশোক বোথ্ৰাই বহৰি হাস্পতালৰ চিকিৎসক আৰু আৰক্ষী সকলক সম্বৰ্ধনা জনায় ৷
ব্যৱসায়ী গৰাকীয়ে বহৰি হাস্পতালৰ দুগৰাকী চিকিৎসক, ফাৰ্মাচিষ্ট, নাৰ্চকে ধৰি দহগৰাকী স্বাস্থ্যকৰ্মীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷
আনহাতে চিকিৎসক, চিকিৎসা কৰ্মী সকলৰ দৰেই আৰক্ষী বাহিনীয়েও ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনাই বহৰিৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ লগতে আৰক্ষী আৰু এছ এছ বি জোৱানসকলক গামোছাৰে সম্বৰ্ধনা জনায় ৷
ব্যৱসায়ী গৰাকীয়ে বহৰি অঞ্চলৰ সংবাদসেৱী সকলকো সম্বৰ্ধনা প্ৰদান কৰে ৷