ETV Bharat / state

Bull tranquilized: অৱশেষত লকডাউনক ট্ৰেংকুইলাইজড - ট্ৰেংকুলাইজ কৰিলে লকডাউনক

অৱশেষত ট্ৰেংকুলাইজ কাৰ হ'ল বৰপেটাৰোডত সন্ত্ৰাস সৃষ্টি কৰা "লকডাউন"ক(Bull tranquilise at Barpetaroad) ৷ ২৪ ঘন্টাত ৪ জনকৈ লোকক আহত কৰিছিল লকডাউনে । ইয়াৰে এজনৰ অৱস্থা অতি শোচনীয় হোৱাত গুৱাহাটীৰ চিকিৎসালয় ভৰ্ত্তি কৰোৱা হয় ৷

Bull tranquilise at Barpetaroad
ট্ৰেংকুলাইজ কৰিলে লকডাউনক
author img

By

Published : Nov 18, 2022, 2:12 PM IST

বৰপেটাৰোড,১৮ নবেম্বেৰ: বৰপেটাৰোড চহৰত বিগত ৩ বছৰে মাজে সময়ে এটা ষাঁড় গৰুৱে বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল(Bull Nuisance in Barpeta Road) ৷ এনেদৰে সন্ত্ৰাস চলোৱাৰ বাবে বৰপেটাৰোডত ষাড় গৰুটোক নাম দিয়া হৈছিল লকডাউন ৷ কাৰণ ষাঁড় গৰুটোৱে চহৰখনৰ যি স্থানলৈ যায় সেই স্থানতই সকলো দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলগীয়া হয় ৷ ষাঁড় গৰুটোৱে মানুহ, দুচকীয়া, চাৰিচকীয়া বাহন সকলোতে আক্ৰমণ কৰি ভাঙি সন্ত্ৰাস চলাই আহিছিল(Bull tranquilized) ৷

ট্ৰেংকুলাইজ কৰিলে লকডাউনক

বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে ষাঁড়টোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনকৈ লোকক আহত কৰে । ইয়াৰে এজনৰ অৱস্থা শোচনীয় হোৱাৰ ফলত গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰাই চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।

অৱশেষত বৃহস্পতিবাৰে নিশা বৰপেটাৰোডৰ ৰেল ষ্টেচন চৌহদত ৬ ঘণ্টা জুৰি কঠোৰ পৰিশ্ৰমৰ ফলত পশু চিকিৎসা বিভাগ, বন বিভাগ, ৰেল আৰক্ষী আৰু বৰপেটাৰোড আৰক্ষীৰ সহযোগত ষাঁড়টোক ট্ৰেংকুলাইজ কৰি বৰপেটাৰ হাউলীৰ গো-শালালৈ স্থানান্তৰ কৰা হয়(Bull tranquilized at Barpeta Road) ।

লগতে পঢ়ক: Barpeta Satra: বৰপেটা সত্ৰত কাতিমহীয়া নামৰ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.