বৰপেটা, 22 এপ্ৰিল : বৰপেটাৰোডৰ সমীপৱৰ্তী তথা বাক্সাৰ শিমলাগুৰীৰ আঠিয়াবাৰীত বুধবাৰে পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বিশ্বজিৎ দাস আৰু হাৰাধন আৰ্য উৰফে হেবা নামৰ দুজনকৈ লোকৰ ঘৰবাৰী জ্বলাই দিয়াৰ লগতে লাঠি,দা,ডেগাৰেৰে ঘপিয়াই ঘপিয়াই নিৰ্মম ভাৱে হত্যা কৰিছে কোনো দুৰ্বৃত্তই ৷ এই ঘটনাত বৰপেটাৰোডৰ লগতে সমগ্ৰ বাক্সা জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত ইতিমধ্যে বাক্সাৰ আৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হৈছে ৷
আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি লোকদুজনক কোনে কি কাৰণত এইদৰে নিৰ্মমভাৱে হত্যা কৰিলে তাৰ তদন্ত অব্যাহত ৰাখিছে ৷ আঠিয়াবাৰী গাঁৱৰ বিশ্বজিৎ দাস আৰু হাৰাধন আৰ্য নামৰ এই লোকদ্বয়ে দীৰ্ঘদিন ধৰি আঠিয়াবাৰী গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ সেয়ে গাঁৱৰে একাংশ উত্তেজিত লোকে আইন হাতত তুলি লৈ বুধবাৰে পুৱা আঠমান বজাতেই এই লোক দুজনৰ ঘৰবাৰী জ্বলাই দি লোক দুজনৰ চোতালতেই অতি নিৰ্মমভাৱে হত্যা কৰিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে কিছুদিন আগত এটা গোচৰত হাৰাধন আৰ্য উৰফে হেবাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ জেলৰ পৰা মুকলি হৈ আঠিয়াবাৰী গাঁৱৰ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগেই হাৰাধন আৰ্য উৰফে হেবা আৰু বিশ্বজৎ দাসক গাঁৱৰ একাংশ লোকে হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা বাক্সা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ৷
লগতে পঢক ঃ কোকৰাঝাৰত ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ