ETV Bharat / state

Body recover in Kalgachia: গছত ওলমি ৰ’ল শহুৰৰ ঘৰলৈ অহা জোঁৱাইৰ মৃতদেহ

কলগাছিয়াৰ বগুলামাৰিত শহুৰেকৰ ঘৰলৈ অহা জোৱায়েকৰ মৃতদেহ উদ্ধাৰ (Body recover in Kalgachia) । হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ । এবছৰ ধৰি পৃথকে আছিল স্বামী-স্ত্ৰী ৷

Body recover in Kalgachia
Body recover in Kalgachia
author img

By

Published : Dec 9, 2022, 1:10 PM IST

জনীয়া, 9 ডিচেম্বৰ: এজন বিবাহিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বগুলামাৰীত চাঞ্চল্য (Dead Body recovered at Kalgachia) ৷ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় গাঁওখনৰ আব্দুল জলিল নামৰ লোকজনৰ জোঁৱায়েক ছাহাবুলৰ মৃত্যদেহ ৷ প্ৰায় ডেৰ বছৰ পূৰ্বে আব্দুল জলিলৰ কন্যাৰ সৈতে গোৱালপাৰাৰ ছাহাবুলৰ বিবাহ হৈছিল যদিও ছমাহ পাচতেই পিতৃৰ ঘৰলৈ ঘূৰি আহে যুৱতীগৰাকী ৷

অভিযোগ মতে, ছাহাবুলৰ ঘৰত প্ৰায়েই গাৰ্হস্থ্য হিংসাৰ বলি হৈছিল মজিৰণ নামৰ যুৱতীগৰাকী (Domestic violence in Goalpara) ৷ ফলত স্বামীগৃহ এৰি পিতৃগৃহলৈ গুচি আহে মজিৰণ ৷ ইফালে ছাহাবুলে মাজে-সময়ে বিবাহ বিচ্ছেদ বিচাৰি মজিৰণলৈ ফোন কৰে যদিও, মজিৰণ মান্তি হোৱা নাছিল ৷ ইয়াৰ মাজতেই বৃহস্পতিবাৰে পত্নীক দেখা কৰিবলৈ শহুৰেকৰ ঘৰলৈ আহিছিল ছাহাবুল ৷

গছত ওলমি ৰ’ল শহুৰৰ ঘৰলৈ অহা জোঁৱাইৰ মৃতদেহ

কিন্তু আশ্চৰ্যজনকভাৱে শহুৰৰ বাৰীৰ পাচফালৰ পুখুৰীৰ পাৰত এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাহাবুলৰ নিথৰ দেহ (Body found hanging) ৷

ইফালে ঘটনা সম্পৰ্কত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে মজিৰণে ৷ স্বামীক লগেই পোৱা নাই বুলি সংবাদ মাধ্যমক জনাই যুৱতীগৰাকীয়ে ৷ স্বাহাবুলৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৰাইজে । ঘটনাটো হত্যা নে আত্মহত্যা সেয়া ৰহস্যৰ আৱৰ্তত যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: LTT militant arrested: কাছাৰত অস্ত্ৰসহ LTT কেডাৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.