জনিয়া, 11 অক্টোবৰঃ ৰাজ্যত সম্প্ৰতি উপ নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণগতিত আৰম্ভ হৈছে ৷ ৰাজ্যৰ চাৰিওটা সমষ্টিতে নিজ নিজ দলৰ প্ৰৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বহু ৰথী মহাৰথী ৷ এ আই ইউ ডি এফ, কংগ্ৰেছৰ লগতে বিজেপি দলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ জনীয়াৰ লাংলাত বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয় ৷ তৌফিকুৰ ৰহমানে তেখেতৰ ভাষণত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰ উপৰিও এ আই ইউ ডি এফক ক্ৰিকেট দলৰ লগত তুলনা কৰে লাংলাৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷
উল্লেখ্য যে, উক্ত সংবাদমেলতে কংগ্ৰেছৰ বহু লোক বিজেপিত যোগদান কৰাৰ কথা ব্যক্ত কৰি জনীয়াত বিজেপিৰ জয় ১০০% শতাংশ নিশ্চিত বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৷