ETV Bharat / state

Bharat Jodo Yatra: ভূপেন বৰাৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাত শহস্ৰাধিক লোকৰ অংশগ্ৰহণ

author img

By

Published : Nov 12, 2022, 7:58 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত বৰপেটাত ভাৰত জোড়ো যাত্ৰাৰ বিশাল পদযাত্ৰা(Bhupen Borah led thousands of people in Bharat Jodo Yatra) ৷ যাত্ৰাৰ মাজতে সভাপতিগৰাকীয়ে দেউৰী পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক নাম নোলোৱাকৈয়ে কৰিলে কটাক্ষ ৷

Bharat Jodo Yatra running across Assam
ভূপেন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ লোক অংশগ্ৰহন কৰে ভাৰত জোড়ো যাত্ৰাত

বৰপেটা, ১২ নৱেম্বৰ: দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা ৷ বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে তথা দেশবাসীক ঐক্যবদ্ধ কৰিবৰ বাবে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra mass movement started by INC)।

কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই মুঠ ৩৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব । যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত আৰু এই যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ বৰ্ষৰ জানুৱাৰীত ৰাজস্থানত অনুষ্ঠিত হ’ব।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) ৷ অৱশ্যে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীৰ অনুপস্থিতিতহে আৰম্ভ হৈছে । অসমত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ আজি দ্বাদশ দিন ৷ আজি বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰৰ পৰা নলবাৰী জিলালৈ আৰম্ভ হৈছে যাত্ৰা ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আগবঢ়া এই পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ পদযাত্ৰাত অংশগ্ৰহন কৰা লোকসকলক আদৰণি জনোৱাৰ বাবে পথৰ কাষে কাষে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা পৰিলক্ষিত হয় ৷ ইফালে ভাৰত জোড়ো যাত্ৰাত নেতৃত্ব বহন কৰি আগবঢ়া ভূপেন বৰাই দেউৰী পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক নাম নোলোৱাকৈয়ে কৰিলে কটাক্ষ ৷ (Bhupen Bora criticizes BJP) ৷

ভূপেন বৰাই কয় যে ২২ খন আসন পাব বুলি দাবী কৰা নেতাসকলক টিভিত দেখা নোপোৱা হৈছো ৷ দেউৰী পৰিষদৰ নিৰ্বাচনত বিজেপিক দেউৰীসকলে উচিত শিক্ষা দিছে ৷ লগতে ধূলা কাণ্ডক লৈয়ো সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিজেপিৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে ৷ বিজেপিৰ দুমুখীয়া চৰিত্ৰক বিশ্বাস নকৰো ৷ আমি ধূলা কাণ্ডৰ হাই লেভেল তদন্ত বিচাৰিছো ৷"

ইপিনে ১৫ বছৰ পুৰণি গোচৰ পুনৰ তদন্তৰ আওতালৈ অনা সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ ভূপেন বৰাই মুখ্যমন্ত্ৰীলৈ বুলি কৰিলে প্ৰশ্ন- "লুই বাৰ্জাৰ, সাৰদাৰ তদন্ত কৰিব নেকি ?"

লগতে পঢ়ক: Bharat Jodo Yatra: বংগ বিভাজনৰ পৰা পাকিস্তানৰ সৃষ্টিলৈকে কংগ্ৰেছে হাত উজান দিছিল; দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.