ETV Bharat / state

বৰপেটা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ - বৰপেটা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ

৮ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ বৰপেটা সত্ৰবাসীৰ মাজত দৌল উৎসৱকলৈ সৃষ্টি হৈছে ব্যাপক উছাহ উদ্দীপনা ৷ দেওবাৰে নিশা 1 বাজি 45 মিনিটত দৌলত আৰোহন কৰিব দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাই ৷

barpeta satra doul mahotsav
এইবাৰ বৰপেটা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ
author img

By

Published : Mar 5, 2020, 3:27 PM IST

বৰপেটা, ৫ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ৮ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱৰ বাবে বৰপেটা সত্ৰত আৰম্ভ হৈছে প্ৰস্তুতি ৷ বৰপেটাবাসীৰ মাজত দৌল উৎসৱকলৈ সৃষ্টি হৈছে ব্যাপক উছাহ উদ্দীপনা ৷ ইতিমধ্যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ লগতে সত্ৰীয়া শিল্পীসকলক লৈ বৰপেটাত অনুষ্ঠিত হৈছে হোলী গীতৰ অনুষ্ঠান ৷ সত্ৰীয়া ৰীতি অনুসৰি ৮ মাৰ্চত গোন্ধ যাত্ৰা বা বহ্নোৎসৱ, ৯ আৰু ১০ মাৰ্চত ভৰ দৌল আৰু ১১ মাৰ্চত অনুষ্ঠিত হ'ব সুৱেৰী ৷ বহ্নোৎসৱ উপলক্ষে দেওবাৰে বিয়লিৰ প্ৰসংগৰ পিচত দৌল গোবিন্দ গোঁসাইক সত্ৰৰ পূব দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোঁসাইক ঘাই দুৱাৰেৰে উলিয়াই আনি সত্ৰীয়া ৰীতি অনুসৰি অধিবাস সম্পন্ন কৰা হ'ব ৷

ইয়াৰ পিচতে গোঁসাইক মেজিৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই যথাৰীতি দৌলত আৰোহন কৰা হ'ব ৷ নক্ষত্ৰৰ গণনা অনুসৰি এইবাৰ দেওবাৰে নিশা প্ৰায় ১ বাজি ৪৫ মিনিটত দুয়োজনা গোঁসাইক দৌলত আৰোহন কৰা হ'ব ৷ এইবাৰ দুদিনীয়াকৈ হ'ব ভৰ দৌল ৷ ৰীতি অনুসৰি দৌলত আৰোহন কৰি থকা গোঁসাইক সোমবাৰে দিনৰ প্ৰায় ১১ বজাত সত্ৰৰ বুঢ়াসত্ৰীয়াই ফাকু চটিয়াই সেৱা জনাব ৷ ৯ আৰু ১০ মাৰ্চ অৰ্থাৎ সোমবাৰে আৰু মঙলবাৰে ভৰদৌলৰ দুদিন দৌল গৃহত গোঁসাই দুজনা বিৰাজমান হৈ থকাৰ পিচত বুধবাৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত সুৱেৰী ৷

এইবাৰ বৰপেটা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ

সুৱেৰীৰ দিনাখন দুজনা গোঁসাইক কলবাৰী সত্ৰ ফুৰাই পুনৰ বৰপেটা সত্ৰলৈ ওভোতাই অনাৰ পিচতে বাহ ভঙা পৰ্ব সম্পন্ন কৰা হ'ব ৷ বাহ ভঙা পৰ্বৰ পিছত দুজনা গোঁসাইক সত্ৰৰ মূল কীৰ্তন ঘৰৰ চাৰিওফালে সাত পাক ঘূৰাই মনিকূট গৃহত পুনৰ স্থাপন কৰা হ'ব ৷ ইয়াৰ লগে লগে এই বৰ্ষৰ বাবে সামৰণি পৰিব বৰপেটাৰ ৰাইজৰ প্ৰাণৰ দৌল মহোৎসৱটি ৷

লগতে পঢ়কঃএকতা কাপুৰঃ বিজ্ঞাপন জগতৰ পৰা পদ্মশ্ৰী বঁটালৈকে এক দীঘলীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.