ETV Bharat / state

বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান পত্নীৰ - Barpeta Satra Deka Satriya family is in economic crisis

বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰ বাইপাছ চাৰ্জাৰীৰ চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু শেষলৈকে তেখেতৰ চিকিৎসাৰ ব্যয় বহন নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ ফলত তেখেতক মুকলি কৰি দিয়াৰ পিছতো ধনৰ অভাৱত চিকিৎসালয়ৰ পৰা উলিয়াই আনিবলৈ অসমৰ্থ হৈছিল পত্নী ৷

Barpeta Satra Deka Satriya family is in economic crisis
বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰক আহ্বান পত্নীৰ
author img

By

Published : Aug 28, 2020, 1:24 PM IST

বৰপেটা, 28 আগষ্টঃ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া বাপজনা নৱজিৎ দাসৰ দেহাৱসানক লৈ এতিয়াও শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী বৰপেটাত ৷ আনহাতে, তেখেতৰ মৃত্যুৰ লগতে তেখেতৰ পৰিয়ালটো সম্প্ৰতি সন্মুখীন হৈছে আন এক ভয়াৱহ সংকটৰ ৷ বিশেষকৈ ডেকাসত্ৰীয়া বাপজনাৰ চিকিৎসাৰ বাবে ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোৱে এই বৃহৎ ধনৰাশি পৰিশোধ কৰাক লৈ চিন্তিত হৈ পৰিছে ৷

বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰৰ পত্নীৰ ভাষ্য

উল্লেখ্য যে, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰ বাইপাছ চাৰ্জাৰীৰ চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু শেষলৈকে তেখেতৰ চিকিৎসাৰ ব্যয় বহন নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ ফলত তেখেতক মুকলি কৰি দিয়াৰ পিছতো ধনৰ অভাৱত চিকিৎসালয়ৰ পৰা উলিয়াই আনিবলৈ অসমৰ্থ হৈছিল পত্নী ৷ নাৰ্চিং হোম কৰ্তৃপক্ষৰ লগতে, ডাঃ তন্ময় দাস আৰু বিভিন্নজনৰ আৰ্থিক সহায়ত প্ৰায় 10 লাখ টকাৰ ঋণ পৰিশোধ কৰি তেখেতক ঘৰলৈ ওভটাই অনা হৈছিল ৷

কিন্তু সম্প্ৰতি এই বৃহৎ অংকৰ ধন পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তেখেতৰ পত্নী ৷ সেয়েহে এইক্ষেত্ৰত চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পূৰ্ণৰ বাবে আহ্বান জনাইছে তেখেতৰ পত্নীয়ে ৷ লগতে আজীৱন সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী ডেকাসত্ৰীয়া বাপজনাৰ পৰিয়ালটোক শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিদিবলৈও চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক-হোজাইত পঞ্চায়তত চৰকাৰী অনুদানৰ ঘৰ দিয়াৰ নামত দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.