ETV Bharat / state

বৰপেটাত আৰ এছ এছৰ পথ সঞ্চালন - বৰপেটাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ পথ সঞ্চালন

হৰিণপাৰাৰ দৰে ঘটনাবোৰক চৰকাৰে গুৰুত্বসহকাৰে লব লাগে বৰপেটাত আৰ এছ এছৰ পথ সঞ্চালনত অংশগ্ৰহণ কৰি এই মন্তব্য আৰএছএছ নেতা শংকৰ দাসৰ ৷

Barpeta RSS programe
বৰপেটাত আৰ এছ এছৰ পথ সঞ্চালন
author img

By

Published : Feb 17, 2020, 5:24 AM IST

বৰপেটা, ১৬ ফেব্ৰুৱাৰীঃ বৰপেটাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ পথ সঞ্চালন ৷ বৰপেটা, বৰপেটাৰোড আৰু পাঠশালা নগৰ মণ্ডলৰ লগতে জিলাখনৰ ১৩টা মণ্ডলৰ স্বয়ংসেৱকসকলে অংশগ্ৰহণ কৰে ৷ স্বয়ংসেৱকসকলে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা পদ সঞ্চালন আৰম্ভ কৰি বৰপেটা চহৰৰ মাজেৰে প্ৰায় ৮ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰে ৷ এই পথ সঞ্চালন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰ এছ এছৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে হৰিণপাৰাৰ দৰে ঘটনাবোৰক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনায় ৷

বৰপেটাত আৰ এছ এছৰ পথ সঞ্চালন

উল্লেখ্য যে মানকাছাৰৰ হৰিণপাৰাৰ গাৰো লোকসকলক বিভিন্ন ধৰনে ভয় ভাবুকিৰে খেদি পঠাই তেওঁলোকৰ ঘৰ দুৱাৰ মাটি ভেটি দুবৃত্তই দখল কৰাৰ অভিযোগ সন্দৰ্ভত শংকৰ দাসে ৰাজ্য চৰকাৰৰ প্ৰতি এই আহ্বান জনায় ৷ অকল হৰিণপাৰাই নহয়, আহোমসকলক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ লগতে মুছলমান সংখ্যালঘু অধ্যুষিত জিলাসমুহক লৈ স্বায়ত্বশাসনৰ দাবী তোলা আদি বিষয়বোৰ একো একোটা বিশেষ পদক্ষেপ বুলি অভিহিত কৰে আৰএছএছ নেতা শংকৰ দাসে ৷

লগতে পঢ়ক:বৰপেটাত আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাক উদ্ধাৰ কৰিলে সেনাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.