ETV Bharat / state

চীপ লোৱা অৱস্থাত উদ্ধাৰ 7 বছৰীয়া শিশুৰ মৃতেদহ ! - The Bopeta _Nahazhat incident took place as a tragic event

বৰপেটাৰ নগৰঝাৰত এটি 7 বছৰীয়া শিশুয়ে নিজ গৃহৰ চিলিঙত চীপ লয় ৷ শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

চীপ লোৱা অৱস্থাত উদ্ধাৰ 7 বছৰীয়া শিশুৰ মৃতেদহ!
author img

By

Published : Oct 30, 2019, 2:40 AM IST

বৰপেটা, ২৯ অক্টোবৰঃ বৰপেটাৰ নগৰঝাৰত চাঞ্চল্যকৰ ঘটনা ৷ চীপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ ৷ নিজ গৃহৰ চিলিঙত চীপ লোৱা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

চীপ লোৱা অৱস্থাত উদ্ধাৰ 7 বছৰীয়া শিশুৰ মৃতেদহ!

উল্লেখ্য যে, নগৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থী আছিল শিশুটি ৷ ঘৰত কোনো নথকা অৱস্থাত কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ ৷ শিশুটিক চীপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে আৰু ইয়াৰ পাছতেই শিশুটিক চীপৰ পৰা নমাই আনি লৈ যায় চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি এটি সাত বছৰীয়া শিশুয়ে এনে কাৰ্য সংঘটিত কৰাটো অসম্ভৱ ৷ ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় হাউলী থানাৰ আৰক্ষী ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাটোৰ পুংখানুপুংখ অনুসন্ধান ৷ কিন্তু এই ঘটনাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ অঞ্চলবাসীয়ে ঘটনাৰ সত্যতা দাবী জনাই ৷

Intro:
বৰপেটা, ২৯ অক্টোবৰঃ বৰপেটাৰ হাউলীৰ সমীপৰ নগৰঝাৰত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা ৷ চীপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ ৷ দোপাত্তাৰে কোঠাৰ চিলিঙৰ কাঠত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে শিশুটোৰ মৃতদেহ ৷ মৃত শিশুটো হাউলী নগৰঝাৰৰ আনাৰ হুছেইনৰ কন্যা আফিয়া খাতুন (৭) ৷ পেছাত টেম্পো চালক শিশুটোৰ পিতৃ মাতৃ ঘটনাৰ সময়ত উপস্থিত নাছিল ঘৰত ৷ Body:নগৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত পঢ়ি আছিল আফিয়া নামৰ শিশুটো ৷ আজি ঘৰত কোনো নথকা অৱস্থাত কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ ৷ চীপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা শিশুটোৰ মৃতদেহটো চীপৰ পৰা নমাই পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে শিশুটোৰ মৃত্যু হোৱাৰ কথা সদৰি কৰে পৰিয়ালৰ লোকক ৷ স্থানীয় লোকৰ দাবী কোঠাৰ চিলিঙৰ ইমান ওপৰৰ কাঠত নিজে চীপ লোৱাতো শিশু এটাৰ বাবে অকল্পনীয় ৷ পিছে কেনেকৈ সংঘটিত হ'ল এনে অকল্পনীয়, অবিশ্বাস্য ঘটনা, তাকে লৈ গাওবাসীৰ মাজত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ইপিনে এয়া এক পৰিকল্পিত হত্যাৰ ঘটনা বুলি দাবী কৰিছে স্থানীয় লোকে ৷ ইপিনে, আজি দুপৰীয়াৰ ভাগতেই সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে ৬ ঘন্টা পিচতহে আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে ৷ তাৰপিচতেই সন্ধিয়া ঘটনাস্থলীত উপস্থিত হয় হাউলী থানাৰ আৰক্ষী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাটোৰ পুংখানুপুংখ অনুসন্ধান ৷ আচলতে ঘটনাটো কেনেকৈ সংঘটিত হ'ল বা এই ঘটনাৰ আৰত কি ৰহস্য লুকাই আছে সেয়া উদ্ঘাটন কৰিবলৈ আৰক্ষীক দাবী জনাইছে ৰাইজে ৷

Conclusion:বাইটঃ তিনিগৰাকী স্থানীয় লোক ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.