ETV Bharat / state

বৰপেটাৰ তিনিটা চৰকাৰী কাৰ্যালয়ত কৰ'ণা, নিষিদ্ধ এলেকা ঘোষণা - বৰপেটা জিলাত একেদিনাই 48জন কৰ'ণাত আক্ৰান্ত

বৰপেটা জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ ইতিমধ্যে জিলাখনৰ বহুকেইটা স্থানত গণসংক্ৰমণৰ আশংকা কৰা হৈছে ৷ জিলা প্ৰশাসনে বন্ধ কৰি দিছে তিনিটাকৈ চৰকাৰী কাৰ্যালয় ৷

বৰপেটাৰ তিনিটা চৰকাৰী কাৰ্যালয়ত কৰ'ণা, নিষিদ্ধ এলেকা ঘোষণা

author img

By

Published : Jul 4, 2020, 3:15 PM IST

বৰপেটা, 4 জুলাই : বৰপেটাত শুক্ৰবাৰৰ দিনটোত 48জনকৈ লোক আক্ৰান্ত হয় কৰ'ণা ভাইৰাছত ৷ বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন কেন্দ্ৰত থকা 13 জন আৰু গুৱাহাটীৰ পৰা অহা এজনৰ বাহিৰে কৰ'ণাত আক্ৰান্ত আন ৩৫ জন লোকৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷ বৰপেটা আৰু বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ 6 জন আৰু বৰপেটা উন্নয়ন খণ্ড কাৰ্যালয়ৰ এজন কৰ্মচাৰী আক্ৰান্ত হৈছিল কৰ'ণাত ৷ ইয়াৰ পিচতেই জিলা প্ৰশাসনে বৰপেটা আৰু সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা উন্নয়ন খণ্ড কাৰ্যালয়ক নিষিদ্ধ এলেকা ঘোষণা কৰিছে ৷

বৰপেটা ৰাজহ চক্ৰৰ খণ্ড উন্ননয় বিষয়াৰ কাৰ্যালয়টো

ইতিমধ্যে তিনিওটা কাৰ্যালয়ৰ সকলো কৰ্মচাৰীকে হোম কোৱাৰেন্টাইন কৰাৰ লগতে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে ৷ তিনিওটা কাৰ্যালয়কে নিষিদ্ধ এলেকা ঘোষণা কৰাৰ ফলত বৰপেটা আৰু বৰনগৰ ৰাজহ চক্ৰৰ সকলো কাম কাজ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৷

আনহাতে বৰপেটা উন্নয়ণ খণ্ডৰ গাঁও পঞ্চায়তসমুহৰ বিভিন্ন কামকাজো বন্ধ হৈ পৰিছে ৷ বৰপেটাত চৰকাৰী কৰ্মচাৰী, আৰক্ষী, ধাবা, পেট্ৰ'লপাম্প আদিত কৰ্মৰত আৰু সাধাৰণ একাংশ লোক কৰ'ণাত আক্ৰান্তৰ পিচতেই জিলাখনৰ বিভিন্ন স্থানত শনিবাৰ আৰু দেওবাৰে সৰ্বাত্মক লকডাউন মানি চলিবলৈ ঘোষণা কৰিছে প্ৰশাসনে ৷

বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ মন্তব্য

তাৰোপৰি কৰ'ণাত আক্ৰান্ত হোৱা বৰপেটাৰোড থানা, বাঘমাৰা, সৰুপেটা আদি থানাসমুহত ছেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে ৷ ইপিনে জিলাখনত আৰম্ভ হোৱা কৰ'ণাৰ গণসংক্ৰমণ ৰোধৰ বাবে বৰপেটা জিলা উপায়ুক্তই এক নিৰ্দেশনাযোগে সাধাৰণ পৰিস্থিতিত কামৰূপ মহানগৰ জিলাৰ পৰা বৰপেটা জিলালৈ আৰু বৰপেটাৰ পৰা কামৰূপ জিলালৈ সৰ্বসাধাৰন লোকৰ অহা যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ জিলা উপায়ুক্তৰ উক্ত নিৰ্দেশনা অনুসৰি বৰপেটা জিলাৰ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলকো কামৰূপ মহানগৰ জিলালৈ অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়কঃ আৰক্ষীৰ এনকাউন্টাৰত নিহত কানপুৰ কাণ্ডৰ দুই অপৰাধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.