ETV Bharat / state

ক'লৈ গ'ল সত্ৰনগৰী বৰপেটাৰ উন্নয়নৰ ১০০ কোটি টকা ? - আছুৱে ল’লে বৰপেটা উন্নয়ণৰ ১০০ কোটি টকাৰ হিচাপ

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বৰপেটা চহৰ উন্নয়নৰ বাবে আৱন্টন দিছিল ১০০ কোটি টকা (Sonwal governments allotment of 100 crore to Barpeta) ৷ কিন্তু, এই ধনৰ ব্যৱহাৰ সম্পৰ্কত কোনো উত্তৰ নাপাই এতিয়া ছাত্ৰ সন্থাই বিচাৰিছে উত্তৰ (AASU on 100 crore allotment to Barpeta) ৷ সবিশেষ জানো আহক ৷

barpeta-aasu-on-sonwal-governments-allotment-of-100-crore-to-barpeta

author img

By

Published : Jan 7, 2022, 9:51 PM IST

বৰপেটা, ৭ জানুৱাৰী : সত্ৰনগৰী বৰপেটা চহৰ উন্নয়নৰ বাবে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৱন্টন দিছিল ১০০ কোটি টকা (Sonwal governments allotment of 100 crore to Barpeta) ৷ পিছে ৫ বছৰ উকলি যোৱাৰ পিচতো বাজেটত আৱন্টিত ১০০ কোটি টকা কি হ'ল, কলৈ গ'ল সেই কথাৰ এতিয়া নাই উত্তৰ ৷ এই পৰিপ্ৰক্ষিতত এতিয়া উত্তৰ বিচাৰিছে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই ( Barpeta district AASU) ৷

আছুৱে কৰিলে প্ৰশ্ন, ক'লৈ গ'ল সত্ৰনগৰী বৰপেটাৰ উন্নয়ণৰ ১০০ কোটি টকা ?

শুকুৰবাৰে, জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসে শ্বহীদ ভৱনত এখন সংবাদমেল সম্বোধন কৰি শতিকা প্ৰাচীন বৰপেটা চহৰ উন্নয়নৰ বাবে আৱন্টিত ১০০ কোটি টকা ক'ত কেনেকৈ ব্যয় কৰা হ'ল সেই সম্পৰ্কত বৰপেটা জিলা প্ৰশাসনক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায় ৷

আনহাতে, জিলা সদৰ চহৰ বৰপেটাক ৰেল পথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰিবলৈয়ো জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে দাবী জনায় ৷ স্বাভাৱিকতেই ছাত্ৰ সন্থাৰ এই দাবীৰ সৈতেই এতিয়া জিলাখনৰ সচেতন মহলেও জানিব বিচাৰিছে এই ১০০ কোটি টকাৰ ব্যৱহাৰৰ উত্তৰ ৷

লগতে পঢ়ক : Municipal board election : পৌৰসভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত হে থাকিব বিজেপিৰ মিত্ৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.