ETV Bharat / state

শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

author img

By

Published : Jan 25, 2020, 1:14 PM IST

বৰপেটাত "আমি বৰপেইটা ফেচবুক ফ'ৰাম"ৰ উদ্যোগত তৃতীয় সংখ্যক গ্ৰন্থ উৎসৱ ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত গ্ৰন্থ উৎসৱত শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান কৰা হয় বৰপেটা ৰত্ন বঁটা ৷

বৰপেটা
শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

বৰপেটা, ২৫ জানুৱাৰীঃ শুকুৰবাৰৰ পৰা বৰপেটাত আৰম্ভ হৈছে তৃতীয় গ্ৰন্থ উৎসৱ ৷ "আমি বৰপেইটা ফেচবুক ফ'ৰাম"ৰ উদ্যোগত শুকুৰবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হয় গ্ৰন্থ উৎসৱ ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱ উপলক্ষে অনুষ্ঠিত উদ্ধোধনী সভাত অংশগ্ৰহন কৰে বিশিষ্ঠ সাহিত্যিক ধ্ৰুৱজ্যোতি বৰা, থানেশ্বৰ মালাকাৰকে ধৰি কেবাজনো বিশিষ্ঠ ব্যক্তিয়ে ৷ উদ্ধোধনী সভাতে সাহিত্যিক ড৹ ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰে গ্ৰন্থ উৎসৱৰ স্মৃতিগ্ৰন্থ 'হাৰিজান'

আনহাতে, এই সভাতে বিশিষ্ঠ লেখক তথা অসামৰিক প্ৰশাসনীয় সেৱাৰ বিষয়া তথা বৰপেটাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত থানেশ্বৰ মালাকাৰে উন্মোচন কৰে লেখক অমিয় কুমাৰ দাসৰ গল্প সংকলন "ট্ৰেন্সজেনিক সপোন" ৷ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আয়োজক সমিতিয়ে বৰপেটাৰ এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান কৰে বৰপেটা ৰত্ন বঁটা ৷ তৃতীয়বাৰৰ বাবে আয়োজিত গ্ৰন্থ উৎসৱত বৰপেটাৰ মহীৰূহ গোকুল পাঠকক প্ৰথমবাৰৰ বাবে "বৰপেটা বঁটা" প্ৰদান কৰাৰ পিচত বৰপেটাৰ সংগীত জগতৰ মধ্যমনি, শাস্ত্ৰীয় সংগীতৰ ভোটাতৰাসদৃশ সত্যকৃষ্ণ মিশ্ৰক "বৰপেটা ৰত্ন" বঁটা প্ৰদান কৰে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে সাংবাদিক নিতুমনি শইকীয়াই ৷

আনহাতে, বৰপেটাৰ সৰ্বজন শ্ৰদ্ধেয় বয়োজ্যেষ্ঠ সংগীত শিল্পীগৰাকীয়ে নিতুমনি শইকীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহন কৰিবলৈ পাই অতি আনন্দিত হোৱা বুলি অনুভৱ ব্যক্ত কৰে ৷ তাৰোপৰি "আমি বৰপেইটা ফেচবুক ফ'ৰাম" ৰ উদ্যোগত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱত অংশগ্ৰহন কৰি প্ৰতিদিন টাইমৰ মুখ্যসম্পাদক নিতুমনি শইকীয়াই গ্ৰন্থ উৎসৱৰ এই আয়োজনক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ ফেচবুকৰ জৰিয়তে হৈ থকা সকলো শুভ আৰু ইতিবাচক কামৰ ভিতৰত বৰপেটা গ্ৰন্থ উৎসৱো এটা অন্যতম উদাহৰণ বুলি অভিহিত কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে ৷ বৰপেটা ফেচবুক ফ'ৰামে গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে সত্যকৃষ্ণ মিশ্ৰক বৰপেটা ৰত্ন বঁটা প্ৰদান অত্যন্ত ইতিবাচক দিশ বুলি অভিহিত কৰে ৷ অকল বৰপেটা ফেচবুক ফ'ৰামৰ বাবেই নহয়, এয়া ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা কৰা সকলোৰে বাবে এটা যোগাত্মক দিশ বুলিও উল্লেখ কৰে ৷ এনে কামৰ জৰিয়তে মানুহে সৃষ্টিমুলক কাম কৰিবলৈ সাহস লাভ কৰে বুলিও উল্লেখ কৰে নিতুমনি শইকীয়াই ৷

আৰু পঢ়কঃ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

Intro:
বৰপেটা, ২৫ জানুৱাৰীঃ ফেচবুক, হুৱাতছ্এপ আদি যুৱ প্ৰজন্মৰ নৈতিকতাৰ স্খলন আৰু যুৱ উশৃংখলতাৰ প্ৰধান কাৰক হিচাপে চিহ্নিত কৰি এইবোৰৰ নেতিবাচক দিশক লৈ আমি প্ৰায়েই উদ্বিগ্নতাত ভূগো ৷ পিচে সামাজিক মাধ্যম হিচাৰে ফেচবুক বা হুৱাতচ্এপ আদিৰো আছে অনেক ইতিবাচক দিশ ৷ যাৰ প্ৰত্যত্ন উদাহৰণ বৰপেটা গ্ৰন্থ উৎসৱ ৷ আমি বৰপেইটা ফেচবুক ফ'ৰামৰ উদ্যোগত অায়োজিত তৃতীয় বৰপেটা গ্ৰন্থ উৎসৱে প্ৰমানিত কৰিছে ফেচবুকৰ ইতিবাচক দিশ ৷

Body:শুক্ৰবাৰৰ পৰা বৰপেটাত আৰম্ভ হৈছে তৃতীয় গ্ৰন্থ উৎসৱ ৷ আমি বৰপেইটা ফেচবুক ফ'ৰামৰ উদ্যোগত শুক্ৰবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হৈছে গ্ৰন্থ উৎসৱ ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱ উপলক্ষে অনুষ্ঠিত উদ্ধাধনী সভাত অংশগ্ৰহন কৰে বিশিষ্ঠ সাহিত্যিক ধ্ৰুৱজ্যোতি বৰা, থানেশ্বৰ মালাকাৰকে ধৰি কেবাজনো বিশিষ্ঠ ব্যক্তিয়ে ৷ এই উদ্ধাধনী সভাতে বশিষ্ঠ সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰে গ্ৰন্থ উৎসৱৰ স্মৃতিগ্ৰন্থ 'হাৰিজান' ৷ আনহাতে, এই সভাতে বিশিষ্ঠ লেখক তথা অসামৰিক প্ৰশাসনীয় সেৱাৰ বিষয়া তথা বৰপেটাৰঅৱসৰপ্ৰাপ্ত উপায়ুক্ত থানেশ্বৰ মালাকাৰে উন্মোচন কৰে লেখক অমিয় কুমাৰ দাসৰ গল্প সংকলন ট্ৰেন্সজেনিক সপোন ৷ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আয়োজক সমিতিয়ে বৰপেটা বৰপেটাৰ এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় সংগীতশিল্পী ,শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান কৰে বৰপেটা ৰত্ন বঁটা ৷ তৃতীয়বাৰৰ বাবে আয়োজিত গ্ৰন্থ উৎসৱৰ দ্বিতীয় গ্ৰন্থ উৎসৱত বৰপেটাৰ মহীৰূহ গোকুল পাঠকক প্ৰথমবাৰৰ বাবে বৰপেটা বঁটা প্ৰদান কৰাৰ পিচত বৰপেটাৰ সংগীত জগতৰ মধ্যমনি, শাস্ত্ৰীয় সংগীতৰ ভোটাতৰাসদৃশ সত্যকৃষ্ণ মিশ্ৰক শুক্ৰবাৰে বৰপেটা ৰত্ন বঁটা প্ৰদান কৰে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিতুমনি শইকীয়াই বিশিষ্ঠ সংগীতশিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে ৷ বৰপেটাৰ সৰ্বজন শ্ৰদ্ধেয় বয়োজ্যেষ্ঠ সংগীত শিল্পীগৰাকীয়ে নিতুমনি শইকীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহন কৰিবলৈ পাই অতি আনন্দিত হোৱা বুলি মনৰ অনুভৱ ব্যক্ত কৰে সংগীতশিল্পীগৰাকীয়ে ৷ বঁটাপ্ৰাপ্তিৰ জৰিয়তে অনুপ্ৰানিত হৈ অহা বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷
আমি বৰপেইটা ফেচবুক ফ'ৰামৰ উদ্যোগত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱত অংশগ্ৰহন কৰি প্ৰতিদিন টাইমৰ মুখ্যসম্পাদক নিতুমনি শইকীয়াই গ্ৰন্থ উৎসৱৰ এই আয়োজনক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ ফেচবুকৰ জৰিয়তে হৈ থকা সকলো শুভ আৰু ইতিবাচক কামৰ ভিতৰত বৰপেটা গ্ৰন্থ উৎসৱো এটা অন্যতম উদাহৰণ বুলি অভিহিত কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে ৷ বৰপেটা ফেচবুক ফ'ৰামে গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে সত্যকৃষ্ণ মিশ্ৰক বৰপেটা ৰত্ন বঁটা প্ৰদান অত্যন্ত ইতিবাচক দিশ বুলি অভিহিত কৰে ৷ অকল বৰপেটা ফেচবুক ফ'ৰামৰ বাবেই নহয়, এয়া ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা কৰা সকলোৰে বাবে এটা যোগাত্মক দিশ বুলিও উল্লেখ কৰে ৷ এনে কামৰ জৰিয়তে মানুহে সৃষ্টিমুলক কাম কৰিবলৈ সাহস লাভ কৰে বুলিও উল্লেখ কৰে নিতুমনি শইকীয়াই ৷
একেদৰেফেচবুকৰ জৰিয়তে গ্ৰন্থমেলা অনুষ্ঠিত হোৱা কথাৰ প্ৰশংসা কৰে বিশিষ্ঠ লেখক তথা প্ৰাক্তন প্ৰসাসনীয় সেৱাৰ বিষয়া থানেশ্বৰ মালাকাৰে ৷

Conclusion:বাইটঃ সত্যকষ্ণ মিশ্ৰ, বৰপেটা ৰত্ন বঁটাপ্ৰাপক৷
বাইটঃ থানেশ্বৰ মালাকাৰ ৷
বাইটঃ নিতুমনি শইকীয়া ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.