ETV Bharat / state

ৰিপুন বৰাই ভাবিব নালাগে অগপৰ কথা : অতুল বৰা

author img

By

Published : Aug 10, 2020, 5:10 AM IST

সঁচা কথা কলে ৰিপুন বৰাই বেয়া পায় l দিল্লীত লগ পাই তেওঁৰ বিষয়ে বেয়াকৈ নকবলৈ অনুৰোধ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিiৰাকীয়ে ৷ তিহাৰ ফেৰৎ নেতাৰ পৰা একো শিকিব লগা নাই বুলি ৰিপুন বৰালৈ তীব্ৰ বাক্যবাণ প্ৰয়োগ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

atul bora criticized apcc president ripun bora

পাঠশালা, 9 আগষ্ট : পাঠাশালাত দেওবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা ৷ অতুল বৰাই সাংবাদিকৰ পৰা হে গম পালে নিজ দলৰ বিধায়ক উৎপল দত্তৰ তাণ্ডৱৰ কথা l বিষয়টো ব্যক্তিগত ভাবে জানিবলৈ চেষ্টা কৰাৰ লগতে অনুসন্ধান কৰা হ’ব বুলি জনালে কৃষিমন্ত্ৰী গৰাকীয়ে l এগৰাকী বানাক্ৰান্তক উৎপল দত্তই দুৰ্ব্যৱহাৰ কৰাৰ তথ্য প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷ তেওঁ কয় যে, ৰাইজৰ ভোটেৰে আমি নিৰ্বাচিত হৈছোঁ, গতিকে জনসাধাৰণৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিবই লাগিব ৷
আনহাতে, পাটাছাৰকুছি সমষ্টি অগপৰ হাতত ৰাখিব নে নাই তাৰ স্পষ্ট উত্তৰ নিদিলে অতুল বৰাই l কথা প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিলে অতুল বৰাই ৷ তেওঁ কয় যে, সঁচা কথা কলে ৰিপুণ বৰাই বেয়া পায় l দিল্লীত লগ পাই তেওঁৰ বিষয়ে বেয়াকৈ নকবলৈ অনুৰোধ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিiৰাকীয়ে ৷ তিহাৰ ফেৰৎ নেতাৰ পৰা একো শিকিব লগা নাই বুলি ৰিপুন বৰালৈ তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰে কৃষিমন্ত্ৰীজনে ৷

পাঠাশালাত কৃষিমন্ত্ৰী অতুল বৰা
অতুল বৰাই কয় যে, অগপৰ কথা ৰিপুন বৰাই চিন্তা কৰিব নালাগে ৷ দলৰ বিষয়ে ভাবিবলৈ দলীয় নেতা-কৰ্মী আছে ৷ এসপ্তাহ পূৰ্বে বজালীত অগপক আই চি ইউ ত থকা বুলি কৈছিল ৰিপুন বৰাই l

আনহাতে, জুবিন গাৰ্গ সন্দৰ্ভত তেওঁ কয় যে, জুবিন গাৰ্গৰ আগমনে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব l জুবিন গাৰ্গক অসম কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰাক লৈ চলি থকা বিতৰ্কক অৰ্থহীন বুলি কয় মন্ত্ৰীজনে ৷ তাৰ মাজতে বজালীৰ বানাক্ৰান্ত কৃষকৰ কঠীয়াৰ সমস্যা সমাধানৰ ব্যৱস্থা ল’ব বুলিও অতুল বৰাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দলগাঁও আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰী সহ আটক চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.