ETV Bharat / state

Financial Crisis of Artists : আৰ্থিক দূৰৱস্থাত ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা কল্পকুমাৰ কাকতি - Assamese serial

90 ৰ দশকৰ ভ্ৰাম্যমান থিয়েটাৰ(Mobile theater of Assam) ৰ এটি চিনাকি নাম কল্পকুমাৰ কাকতি ৷ শিল্পীগৰাকীৰ বৰ্তমানৰ দূৰৱস্থাই চকু সেমেকাই তুলিব আপোনাৰ ৷

ভ্ৰাম্যমাণৰ কে কিউব এ ভুগিছে আৰ্থিক দূৰবস্থাত

author img

By

Published : Nov 27, 2021, 9:14 PM IST

Updated : Nov 28, 2021, 1:16 PM IST

পাঠশালা, 27 নৱেম্বৰ : 90 ৰ দশকৰ ভ্ৰাম্যমান থিয়েটাৰ(Mobile theater of Assam) ৰ এটি চিনাকি নাম কল্পকুমাৰ কাকতি ৷ জীৱনৰ অধিক সময় নাটক, মঞ্চ আৰু দৰ্শকৰ লগতে কটোৱা কল্পকুমাৰ কাকতিয়ে এতিয়া সহাৱস্থান কৰিছে আৰ্থিক সমস্যাৰ সৈতে ৷ 1973 চনৰ পৰাই অভিনয় জগতৰ সৈতে জড়িত শিল্পীগৰাকী জৰ্জৰিত হৈছে জীৱনৰ সৈতে যুঁজি ৷ ৰুঢ় বাস্তৱৰ আঘাতত শিল্পীগৰাকীয়ে ১৯৯০ চনত পৈত্ৰিক সম্পত্তি বিক্ৰী কৰি জন্ম দিছিল নটসূর্য বিষ্ণুজ্যোতি থিয়েটাৰ ৷

কৈশোৰ কালৰে পৰা যাত্ৰা আৰু ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা কল্প কাকতিয়ে নটৰাজ থিয়েটাৰ(Nataraj theatre)কে ধৰি অসমৰ মুঠ বাৰখন থিয়েটাৰত অভিনয় কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ৷ সমান্তৰালভাৱে তেওঁ আছিল এগৰাকী নাট্যকাৰো । এসময়ত ভ্ৰাম্যমাণৰ মঞ্চত খলকনি তুলিছিল কাকতিৰ দ্বাৰা ৰচিত ‘ছাহজাহানে আজিও কান্দে’, ‘সংসাৰ নকৰাই ভাল’, ‘আকৌ জয়মতী’ শীৰ্ষক বহুকেইখন জনপ্ৰিয় নাটকে ৷

আৰ্থিক দৈন্যতাৰ সন্মুখীন ভ্ৰাম্যমানৰ অভিনেতা

২০১১ চনত নয়নতৰা থিয়েটাৰৰ বাবে ৰচনা কৰা ‘এটি কলি দুটি পাত' নামৰ নাটকখনৰ বাবে লাভ কৰিছিল মুনলাইট মিডিয়া বঁটা ৷ পৰৱৰ্তী সময়ত আৰ্থিক সমস্যাৰ বাবেই কাকতিয়ে বিক্ৰী কৰে নটসূর্য বিষ্ণুজ্যোতি থিয়েটাৰ ৷ টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক বৰলা কাই আৰু ভাড়াঘৰতো(Assamese serial) অভিনয় কৰিছিল কল্পকুমাৰ কাকতিয়ে ৷ পৰিতাপৰ বিষয় এয়ে যে, আনৰ ওঁঠত হাঁহি বিৰিঙাই ফুৰা কে কিউব-য়ে পাহৰি গৈছে নিজে হাঁহিবলৈ ৷

আৰ্থিক দৈন্যতাই নোহোৱা কৰি পেলাইছে তেওঁৰ মুখৰ হাঁহি ৷ থিয়েটাৰ বিক্ৰীৰ পিছত পৰিয়াল পোহপালৰ বাবে দিয়া একমাত্ৰ দোকানখনো বন্ধ হৈ পৰে লক ডাউনৰ সময়চোৱাত ৷ আন বহু শিল্পীৰ দৰে কল্পকুমাৰ কাকতিও হৈ পৰিব নেকি চৰকাৰৰ দৃষ্টিত এলাগী ? শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা চৰকাৰৰ তালিকাত অন্তৰভুক্ত হ’বনে এইগৰাকী শিল্পীৰ নাম ৷ এনে বহু প্ৰশ্নই এতিয়া জুমুৰি দি ধৰিছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটোক ৷

লগতে পঢ়ক : Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

Last Updated : Nov 28, 2021, 1:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.