ETV Bharat / state

আহি আছে গংগা; কলগাছিয়াত প্ৰচাৰ চলালে প্ৰস্তুতি পৰাশৰে

কলগাছিয়াত উপস্থিত হ’ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ (Prastuti Parashar at Kalgachia) ৷ অসমীয়া বোলছবি গংগাৰ প্ৰচাৰৰ (Assamase film Ganga promotion) বাবে কলগাছিয়াস্থিত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷

assamase-film-ganga-promotion-at-kalgachia
অসমীয়া বোলছবি গংগাৰ প্রচাৰৰ বাবে কলগাছিয়াত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
author img

By

Published : Apr 19, 2022, 9:51 PM IST

জনিয়া, 18 এপ্ৰিল : কলগাছিয়াত উপস্থিত হ’ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ (Prastuti Parashar at Kalgachia) ৷ অসমীয়া বোলছবি গংগাৰ প্ৰচাৰৰ (Assamase film Ganga promotion) বাবে বৰপেটা জিলাৰ কলগাছিয়াস্থিত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷ ইউ আৰ আই ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Assamese actress Prastuti Parashar) ৷

অসমীয়া বোলছবি গংগাৰ প্রচাৰৰ বাবে কলগাছিয়াত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

এটা বাস্তৱ ধৰ্মী সামাজিক কাহিনী সমৃদ্ধ অসমীয়া চিনেমাখন ৰাইজে আদৰি লোৱাৰ আহ্বানেৰে অসমৰ বিভিন্ন জিলাৰ চুকে-কোণে গংগা বোলছবিৰ অভিনেতা-অভিনেত্ৰী সকলে চলাই গৈছে ব্যাপক প্ৰচাৰ অভিযান । তাৰে সমান্তৰালকৈ মঙলবাৰে কলগাছিয়াস্থিত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে নতুনকৈ মুক্তি লাভ কৰিবলৈ লোৱা গংগা বোলছবিখনক ৰাইজক আদৰি ল’বলৈ আহ্বান জনায় ৷

মনি সিনহাই পৰিচালনা কৰিব লগা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাগ ঐনিতম, মুনমী কলিতা, অৰূপ বৈশ্যই ৷ নৱতম ছবিখনৰ সংগীত পৰিচালনা কৰিছে অজয় ফুকনে ৷ পৰিয়াল কেন্দ্ৰিক আৰু মাতৃ-কন্যাৰ মৰমক বিষয়বস্ত হিচাপে লৈ নিৰ্মাণ কৰা হ‘ব এই ছবিখন ৷ এগৰাকী মাতৃৰ জীৱনৰ মৰ্মবেদনাক লৈ নিৰ্মিত এই ছবিখনৰ জৰিয়তে দৰ্শকে এক নতুন সোৱাদ পাব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.