ETV Bharat / state

বৰপেটাত প্ৰশাসনৰ উচ্ছেদ অভিযান - মুছলিমপট্টিত

বৰপেটাৰ মুছলিমপট্টিত প্ৰশাসনৰ হাতোৰা। পথৰ দাঁতিত অবৈধভাৱে দোকান স্থাপন কৰা ব্যৱসায়ীক নাকী লগালে প্ৰশাসনে। বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে প্ৰায় ৩০ খন দোকানৰ স্বত্বাধিকাৰীয়ে নিজ হাতেৰে উচ্ছেদ কৰিলে নিজৰ দোকান।

বৰপেটাত প্ৰশাসনৰ উচ্ছেদ অভিযান
বৰপেটাত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Nov 6, 2020, 12:56 PM IST

বৰপেটা ৬ নৱেম্বৰ: অবৈধভাৱে দোকান স্থাপন কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হ'ল বৰপেটা প্ৰশাসন। বৰপেটাৰ মুছলিমপট্টিত পথৰ দাঁতিত অবৈধভাৱে ঠাই দখল কৰি দোকান স্থাপন কৰি মইমতালি কৰি আহিছিল একাংশ ব্যৱসায়ীয়ে। স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। এই অভিযোগৰ ভিত্তিতে বৰপেটা জিলা প্ৰশাসনে ব্যৱসায়ীসকলক নিজৰ দোকানসমূহ আন ঠাইলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে।

বৰপেটাত প্ৰশাসনৰ উচ্ছেদ অভিযান

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে পুৱাই মুছলিমপট্টিত থকা এই দোকানসমূহ স্বত্বাধিকাৰীয়ে নিজ হাতেৰে উচ্ছেদ কৰে। প্ৰায় ৩০ খন দোকান উচ্ছেদ কৰা হয়। আনহাতে, জীৱিকা অৰ্জনৰ আশাৰে স্থাপন কৰা দোকানখন নিজ হাতেৰে ভাঙি পেলাবলগীয়া হোৱাত হতাশ হৈ পৰিছে ব্যৱসায়ীসকল। উপাৰ্জনৰ পথ বন্ধ হৈ যোৱাত এতিয়া ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

লগতে পঢ়ক:গড়চুক আৰক্ষীৰ জালত দুটা জুৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.