ETV Bharat / state

আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট

author img

By

Published : Jul 7, 2019, 4:09 PM IST

ৰাজ্যখনৰ আপুৰুগীয়া সম্পদ সমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট ৷ বাংগালোৰস্থিত ইণ্ডিয়া ফাউণ্ডেছন ফৰ দা আৰ্ট নামৰ সংস্থাটোৱে টাটা ট্ৰাষ্টৰ সহযোগত আপুৰুগীয়া আৰু ঐতিহাসিক সম্পদ সমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে বিশেষ আঁচনি ৷

আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট

বৰপেটা, ৭ জুলাইঃ আপুৰুগীয়া সম্পদ সমূহৰ সংৰক্ষণৰ অভাৱত ৰাজ্যৰ বহু সম্পদ নষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰী অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিৱৰ্তে ৰাজ্যখনৰ আপুৰুগীয়া সম্পদ সমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট ৷ বাংগালোৰস্থিত ইণ্ডিয়া ফাউণ্ডেছন ফৰ দা আৰ্ট নামৰ সংস্থাটোৱে টাটা ট্ৰাষ্টৰ সহযোগত নষ্ট হৈ যাব যাবলৈ লোৱা সম্পদ সমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে বিশেষ আঁচনি ৷ এই আঁচনিৰ অধীনত বৰপেটা জিলা সংগ্ৰহালয়ত দেওবাৰে এটা নতুন কলা বীথিকা মুকলি কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ অতি উন্নতভাৱে সজোৱা কলা বীথিকাটোত আপুৰুগীয়া আৰু ঐতিহাসিক কলা সম্পদসমূহ প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ এই অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে সংগ্ৰহালয় বিষয়া কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে ৷

ইপিনে কলা বীথিকা মুকলি কৰি বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে সংৰক্ষণৰ অভাৱত ৰাজ্যৰ বহু আপুৰুগীয়া সম্পদ ক্ৰমাৎ নষ্ট হৈ যোৱা বুলি আক্ষেপ কৰে ৷ আনকি বৰপেটাৰ লগতে বহু জিলাত স্থায়ী সংগ্ৰহালয় ভৱন নাই বুলি উল্লেখ কৰি প্ৰতিখন জিলাত স্থায়ী সংগ্ৰহালয় ভৱন নিৰ্মাণৰ ব্যৱস্থা ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায় ৷

আৰু পঢ়কঃ মণিপুৰত সেনাই উৎখাত কৰিলে এনএছচিএনৰ শিৱিৰ

Slug:      as_bar_7july_801to802_inauguration_of_exhibition_in_the_newly_renovated_gallery_of_barpeta_district_museum_vis+bite_7203841                
 আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট 

বৰপেটা, ৭ জুলাইঃ  আপুৰুগীয়া সম্পদ সমুহৰ সংৰক্ষনৰ অভাৱত আজিও ৰাজ্যৰ বহু সম্পদ নষ্ট হৈ গৈ আছে ৷ চৰকাৰী অবহেলা আৰু দায়িত্বহীনতাৰ পৰিৱৰ্তে ৰাজ্যখনৰ আপুৰুগীয়া সম্পদ সমুহৰ উপযুক্ত সংৰক্ষনৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট ৷ বাংগালোৰস্থিত ইণ্ডিয়া ফাউণ্ডেছন ফৰ দা আৰ্ট নামৰ সংস্থাটোৱে টাটা ট্ৰাষ্টৰ সহযোগত নষ্ট হৈ যাব যাবলৈ লোৱা সম্পদ সমুহৰ উপযুক্ত সংৰক্ষনৰ বাবে গ্ৰহন কৰিছে বিশেষ আঁচনি ৷ এই আঁচনিৰ অধীনত বৰপেটা জিলা সংগ্ৰহালয়ত আজি এটা নতুন কলাবিথীকা মুকলি কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ অতি উন্নতভাৱে সজোৱা কলা বিথীকাটোত আপুৰুগীয়া আৰু ঐতিহাসিক কলা সম্পদসমুহ প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷  আজিৰ এই অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে সংগ্ৰহালয় বিষয়া কৰ্মচাৰীসকলেও অংশগ্ৰহন কৰে ৷ 
ইপিনে কলা বিথীকা মুকলি কৰি বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে সংৰক্ষনৰ অভাৱত ৰাজ্যৰ বহু আপুৰুগীয়া সম্পদ ক্ৰমাৎ নষ্ট হৈ যোৱা বুলি আক্ষেপ কৰে ৷ আনকি বৰপেটাৰ লগতে বহু জিলাত স্থায়ী সংগ্ৰহালয় ভৱন নাই বুলি উল্লেখ কৰি প্ৰতিখন জিলাত স্থায়ী সংগ্ৰহালয় ভৱন নিৰ্মানৰ ব্যৱস্থা লবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনায় ৷

বাইটঃ গুনীন্দ্ৰ নাথ দাস, বিধায়ক, বৰপেটা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.