জনীয়া,২১ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Erosion in Assam) । ইয়াৰ মাজতে খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিলে আমছুয়ে(Allegations of corruption in prevention scheme of erosion) ।
অভিযোগ অনুসৰি বৰটাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে SOPD আঁচনিৰ অধীনত ৩ কোটি ৩১ লাখ ৯২ হেজাৰ টকা আৱন্টন দিছিল । কিন্তু এই ধনৰাশিৰ মাত্ৰ ৩০ লাখ টকাৰ কাম হোৱাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।
এই সন্দৰ্ভত ঠিকাদাৰ, বিভাগীয় বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । লগতে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে আমছুৱে । খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ পিছতেই এই মন্তব্য আমছুৰ সভাপতিগৰাকীৰ ।
লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকে দিয়া প্ৰত্যাহ্বান আমছুয়ে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৰেজাউল কৰিম সৰকাৰে । গতিকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আমছুৰ নেতৃত্বই ।
লগতে পঢ়ক: ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী