ETV Bharat / state

বৰপেটা আৰু ধুবুৰীৰ পৰা কোনে পাব অগপৰ প্ৰাৰ্থিত্ব ? - কমলা কলিতা

বৰপেটা সমষ্টিত কাক দিয়া হব প্ৰাৰ্থিত্ব সেই সিদ্ধান্ত লবলৈ অপাৰগ অগপৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে জিলা সমিতিসমূহৰ মতামত লবৰ বাবে সোমবাৰে বৰপেটাত উপস্থিত হয় অগপৰ দুই নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু কমলা কলিতা

ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু কমলা কলিতা
author img

By

Published : Mar 25, 2019, 10:58 PM IST

Updated : Mar 26, 2019, 1:39 AM IST

বৰপেটা, ২৫ মাৰ্চঃ সোমবাৰেও ঘোষণা ন'হল অগপৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ বিজেপিয়ে এৰি দিয়া তিনিটা সমষ্টিৰ ভিতৰত এতিয়ালৈকে কলিয়াবৰত মনিমাধৱ মহন্তৰ প্ৰাৰ্থিত্ব নশ্চিত হৈছে যদিওবৰ্তমান পৰ্যন্তবৰপেটা আৰু ধুবুৰীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই অগপই ৷ ইপিনে বৰপেটা সমষ্টিত কাকপ্ৰাৰ্থীত্ব দিয়া হ'ব সেই সিদ্ধান্ত লবলৈ অপাৰগ অগপৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে জিলা সমিতিসমূহৰ মতামত লবৰ বাবে সোমবাৰে বৰপেটাত উপস্থিত হয় অগপৰ দুই নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু কমলা কলিতা ৷ দুয়োজন অগপ নেতাই বৰপেটা জিলা কাৰ্যালয়ত উপস্থিত হৈ বৰপেটা, নলবাৰী, বজালী আৰু বঙাইগাও জিলা সমিতিসমূহৰ মতামত গ্ৰহণ কৰে ৷

বৰপেটা সমষ্টিত বৰ্তমান পৰ্যন্ত ঘোষণা ন'হল প্ৰাৰ্থীৰ নাম

আনহাতে, বৰপেটা লোকসভা আসনখনৰ বাবে কুমাৰ দীপক দাসৰ লগতে ভূপেন ৰয়ৰ নামো উচ্চাৰিত হৈছে ৷ একাংশই কুমাৰদীপকদাসক প্ৰাৰ্থী হিচাপেবিচৰাৰ পৰিৱৰ্তে একাংশই বিচাৰিছে ভূপেন ৰয়ৰ প্ৰাৰ্থীত্ব ৷ এই মতামতৰ ওপৰত ভিত্তি কৰি ২৭ মাৰ্চৰ সন্ধিয়া অগপ নেতৃত্বই ঘোষণা কৰিব বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷

অগপই দুটাসমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰাক লৈ সৃষ্টি হোৱা সমালোচনাৰ বিপৰীতে কমলা কলিতাই কলে, প্ৰাৰ্থী ঘোষণা কৰাতকৈ প্ৰাৰ্থীজনক জয়ী কৰা কৌশল নিৰ্ণয়হে জৰুৰী ৷

আনহাতে তৰুণ গগৈয়ে নিজ পুত্ৰক বিজয়ৰ বাবে হু ইজ বদৰুদ্দিন বুলি প্ৰশ্ন কৰা বদৰুদ্দিন আজমল এতিয়া আপোন হৈ পৰিল বুলিও মন্তব্য কৰাৰ লগতেবদৰুদ্দিনৰ সৈতে মিত্ৰতাৰ জৰিয়তে কংগ্ৰেছ যে, সাম্প্ৰদায়িক দল সেই কথাটো ওলাই পৰিল বুলিও মন্তব্য কৰে কমলা কলিতাই ৷ তাৰোপৰি বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হোৱাৰ পাচত নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ অগপৰ স্থিতি কি বুলি সাংবাদিকৰ প্ৰশ্নত ৰমেন্দ্ৰ নাৰায়ণ কলিতাইকয় যে, পূৰ্বৰ স্থিতিতে বাহাল আছে অগপ ৷ আনকি অগপৰ নিৰ্বাচনী ইস্তাহাৰতো কেবৰ বিৰোধিতাৰ কথা সন্নিবিষ্ট কৰিব অগপই ৷ আনহাতে নেডাৰ নেতা ড0 হিমন্ত বিশ্ব শৰ্মায়ো কথা দিছে অগপক, অগপৰ সৈতে আলোচনা কৰাৰ পাচতহে বিজেপিয়ে সংসদত কেব উত্থাপন কৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

Slug:     A_BAR_25MAR_802TO804_AGP_CANDITED_OPINION_VIS+BITE_BAPKAN_DAS                    
 বৰপেটাত অগপ নেতা কমলা কলিতা আৰু ৰমেন্দ্ৰ নাথ কলিতা ৷
২৭ মাৰ্চততহে ঘোষনা হব বৰপেটাৰ প্ৰাৰ্থীঃ
প্ৰাৰ্থী সোনকালে ঘোষনা কৰাতকৈ কেনেকৈ জয়ী হব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিছে অগপই

বৰপেটা, ২৫ মাৰ্চঃ আজিও ঘোষনা নহ'ল অগপৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ বিজেপিয়ে এৰি দিয়া তিনিটা সমষ্টিৰ  ভিতৰত অগপই এতিয়ালৈকে কলিয়াবৰত মনিমাধৱ মহন্তৰ নাম, ঘোষণা কৰিবলৈ সক্ষম হৈছে অগপই ৷ তাৰ বিপৰীতে বৰপেটা আৰু ধুবুৰীত এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই অগপই ৷ ইপিনে বৰপেটা সমষ্টিত কাক দিয়া হব প্ৰাৰ্থীত্ব সেই সিদ্ধান্ত লবলৈ অপাৰগ অগপৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে জিলা সমিতিসমুহৰ মতামত লবৰ বাবে আজি বৰপেটাত উপস্থিত হয় অগপৰ দুই নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু কমলা কলিতা ৷ দুই কলিতাই আজি অগপৰ বৰপেটা জিলা কাৰ্যালয়ত উপস্থিত হৈ বৰপেটা, নলবাৰী, বজালী আৰু বঙাইগাও জিলা সমিতিসমুহৰ মতামত গ্ৰহন কৰে ৷ আনহাতে এই মুহুৰ্তত বৰপেটা আসনখনৰ বাবে কুমাৰ দীপক দাসৰ লগতে ভূপেন ৰয়ৰ নামো উচ্চাৰিত হৈছে ৷ একাংশই দীপকক বিচৰাৰ পৰিবৰ্তে একাংশই বিচাৰিছে ভূপেন ৰয়ৰ প্ৰাৰ্থীত্ব ৷ এই মতামতৰ ওপৰত ভিত্তি কৰি ২৭ মাৰ্চৰ সন্ধিয়া অগপ নেতৃত্বই ঘোষনা কৰিব বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷
অগপই তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নামেই ঘোষনা কৰিব নোৱাৰাক লৈ সৃষ্টি হোৱা সমালোচনাৰ বিপৰীতে কমলা কলিতাই কলে-- প্ৰাৰ্থী ঘোষনা কৰাতকৈ প্ৰাৰ্থীজনক জয়ী কৰা কৌশল নিৰ্ণয়হে জৰুৰী ৷ এককথাত বৰপেটা আসনখনত অগপ প্ৰাৰ্থীক জয়ী কৰাৰ ৰণকৌশলৰ বাবেহে যেন অগপ নেতৃত্বই ঘোষনা কৰা নাই বৰপেটা আৰু ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ 
আনহাতে তৰুন গগৈয়ে নিজ পুত্ৰক বিজয়ী কৰাৰ বাবে হু ইজ বদৰুদ্দিন এতিয়া তৰুণ গগৈৰ আপোন হৈ পৰিল ৷ বদৰুদ্দিনৰ সৈতে মিত্ৰতাৰ জৰিয়তে কংগ্ৰেছ যে সাম্প্ৰদায়িক দল সেই কথাটো ওলাই পৰিল বুলিও কলে কমলা কলিতাই ৷ এআইইউডিএফৰ লগতে কংগ্ৰেছ দলটোও সামিপ্ৰদায়িক ৷ সাম্প্ৰদায়িক দলক ৰাইজে প্ৰত্যাখ্যান কৰিব বুলিও আশাবাদী অগপৰ কমলা কলিতা ৷

বাইটঃ কমলা কলিতা, অগপ নেতা ৷

আনহাতে বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হোৱাৰ পিচত নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কি হব অগপৰ স্থিতি ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ মতে, পূৰ্বৰ স্থিতিতে বাহাল আছে অগপ ৷ আনকি অগপৰ নিৰ্বাচনী ইস্তাহাৰতো কেবৰ বিৰোধিতাৰ কথা সন্নিবিষ্ট  কৰিব অগপই ৷ আনহাতে নেডাৰ নেতা ড0 হিমন্ত বিশ্ব শৰ্মায়ো কথা দিছে অগপক, অগপৰ সৈতে আলোচনা কৰাৰ পিচতহে বিজেপিয়ে সংসদত উত্থাপন কৰিব কেব বিধেয়ক ৷ বিজেপিয়ে কেব পাছ কৰিবই বুলি কৈ থকা কথাৰ সম্পৰ্কত সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নত অগপ নেতাগৰাকীয়ে কলে সেয়া হেনাে ৰাজনীতিহে ৷ যিহেতু বিজেপি আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে সেয়ে অগপ আশ্বস্ত হৈছে ৷

বাইটঃ ৰমেন্দ্ৰ নাৰায়ন কলিতা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
Last Updated : Mar 26, 2019, 1:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.