ETV Bharat / state

বাঘবৰৰ সত্ৰকনৰাত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা

author img

By

Published : Jan 19, 2021, 10:00 PM IST

বাঘবৰৰ সত্ৰকনৰাত মঙলবাৰে এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল ৷ হিমন্ত বিশ্বক তীব্ৰ সমালোচনা আজমলৰ ৷

aiudf-meeting-at-baghbar
বাঘবৰৰ সত্ৰকনৰাত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা

জনীয়া, 19 জানুৱাৰী : বাঘবৰৰ সত্ৰকনৰাত মঙলবাৰে এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা অনুষ্ঠিত হয় । সভাত সভাপতিত্বত কৰে বাঘবৰ সমষ্টি কমিটীৰ সভাপতি আলতাব হুছেইনে আৰু উদ্দেশ্য ব্যাখ্যা কৰে নেৱাস্বৰিফে ।

সভাত মুখ্য অতিথি হিচাপে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত থাকি নাম নোলোৱাকৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ পুনৰ কয় যে, ডক্টৰ চাহাবে ভাত খাওঁতে 3 বাৰ, গা ধোৱাৰ সময়ত 6 বাৰ, ঘৰৰ পৰা ওলাওঁতে 5 বাৰ বদৰুদ্দিন আজমলৰ নাম লয় ৷ বদৰুদ্দিন আজমলৰ নাম ন‘ললে ৰাতি টোপনি নধৰে হিমন্ত বিশ্ব শৰ্মাৰ ।

বাঘবৰ এ আই ইউ ডি এফ সমষ্টি কমিটীৰ উদ্যোগত সমষ্টি ভিত্তিক বিশাল কৰ্মীসভাত 2021 চনৰ নিৰ্বাচনী ৰণডংকা বজালে বদৰুদ্দিন আজমলে । উল্লেখ্য যে, সত্ৰকনৰা-চাচৰা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই কৰ্মীসভা । বদৰুদ্দিন আজমলৰ উপৰিও ধিঙৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক চম্পক কলিতা, জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ, বাঘবৰ সমষ্টিৰ সমাজকৰ্মী তথা ন এ আই ইউ ডি এফৰ নেতা ৰাজীৱ আহমেদৰ লগতে দলটোৰ বহু নেতাকৰ্মী উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : পুনৰ ৪৫ লাখ "কোভাক্সিন"ৰ বাবে আবেদন কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.