Viral Video : বিয়াৰ দুমাহৰ পাচতেই সংসাৰ ভাগিল ন-বোৱাৰীৰ - barpeta viral video update
ম'বাইলৰ ব্যাপক প্ৰচলন তথা ইয়াৰ অত্যাধিক ব্যৱহাৰৰ ফলত সমাজত ক্ৰমাৎ বৃদ্ধি পাইছে এটাৰ পিচত আন এটা চাইবাৰ অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে এটা ভাইৰেল ভিডিঅ'ই সংসাৰ ভাঙিলে কলগাছিয়াৰ এগৰাকী ন-বোৱাৰীৰ ৷

জনীয়া,8 জুলাই : বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা বিভিন্ন নেটৱৰ্কৰ গ্ৰাসত পৰি ক্ৰমাৎ যেল দিশহাৰা হৈছে আজিৰ প্ৰজন্ম ৷ লগতে চ’ছিয়েল মিডিয়াৰ কৰাল গ্ৰাসত পৰি বহু লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ খবৰ সততে শুনিবলৈ পোৱা যায় ৷ ইয়াৰ মাজতে বিয়াৰ পূৰ্বৰ এটা ভাইৰেল ভিডিঅ'ই সংসাৰ ভাঙিলে এগৰাকী ৱোৱাৰীৰ ৷ ভিডিঅ' ভাইৰেল হোৱাৰ পাচতেই স্বামী গৃহৰ পৰা খেদি পঠিওৱা হ'ল বোৱাৰীগৰাকীক ৷ আনকি পিতৃ গৃহতো বোৱাৰীগৰাকীক আশ্ৰয় নিদিলে নিজ পিতৃ-মাতৃয়ে ৷
উপায়ন্তৰ হৈ অৱশষত ভিডিঅ' ভাইৰেল কৰা যুৱকজনৰ ঘৰত উপস্থিত হ'ল বোৱাৰীগৰাকী ৷ কিন্তু যুৱকজনৰ পৰিয়ালৰ লোকেও বোৱাৰীগৰাকীক মাৰপিট কৰি খেদি পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে ৷ অৱশেষত আৰক্ষীৰ কাষ চাপিছে দিশহাৰা বোৱাৰীগৰাকী ৷ বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
এই ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ দিগজানী গাঁৱত ৷ দিগজানী গাঁৱৰে ছাদ্দাম হুছেইন নামৰ এজন যুৱকে একে গাঁৱতে দুমাহ পূৰ্বে বিবাহ-পাশত আৱদ্ধ হোৱা এগৰাকী বোৱাৰীৰ এটা অসংযত ভিডিঅ' ভাইৰেল কৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ভিডিঅ'টো সকলোৰে ম'বাইলে ম'বাইলে বিয়পি পৰাৰ পাছতে বোৱাৰীগৰাকীক স্বামী গৃহৰ পৰা খেদি পঠিয়াই পৰিয়ালৰ লোকে ৷ বিয়াৰ 15 দিন পিছতেই ছাদ্দাম হুছেইনে উক্ত ভিডিঅ' সমূহ ভাইৰেল কৰাত স্বামী গৃহই বোৱাৰীগৰাকীক পিতৃ গৃহলৈ ঘূৰাই পঠাই বুলি জানিব পৰা গৈছে ৷
ধৃত ছাদ্দাম হুছেইন বোৱাৰীগৰাকীৰ একালৰ প্ৰেমিক আছিল বুলি নিজ মুখে স্বীকাৰ কৰিছে বোৱাৰীগৰাকীয়ে ৷ লগতে সম্পৰ্কত থকা অৱস্থাত ছাদ্দাম হুছেইনে তেওঁক দিগজানী গাঁৱলৈ আনি নিচা খুৱাই অবৈধ সম্পৰ্ক কৰাৰ লগতে ভিডিঅ' বনাইছিল বুলি অভিযোগ কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে ৷ ইফালে, এই ঘটনাৰ পাছতে ছাদ্দামৰ ঘৰত উপস্থিত হোৱাত ছাদ্দামৰ মাতৃয়ে প্ৰচণ্ড মাৰপিট কৰে বোৱাৰীগৰাকীক ৷ পিছত ঘটনাস্থলীত বালিকুৰী আৰক্ষী উপস্থিত হৈ বোৱাৰীগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷
এজন অসৎ যুৱকৰ বাবেই এগৰাকী বোৱাৰীয়ে এখন সুখৰ সংসাৰ তথা স্বামী গৃহ আৰু পিতৃ-মাতৃৰ গৃহত স্থান হেৰুৱাব লগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ উচিত তদন্ত দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী তুলিছে বোৱাৰীগৰাকীৰ লগতে স্থানীয় ৰাইজে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ ৰহস্য ৷