ETV Bharat / state

বাক্সাৰ দীঘেলীত ভোট কেন্দ্ৰত ধৰ্ণাত বহিল ভোটাৰ - ভোট গ্ৰহণ

সোমবাৰে অনুষ্ঠিত হোৱা বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে বাক্সা জিলাৰ দীঘেলীত ভোট কেন্দ্ৰত বিসংগতি ৷

ধৰ্ণা কাৰ্যসূচী
btc election
author img

By

Published : Dec 7, 2020, 7:54 PM IST

বাক্সা, ৭ ডিচেম্বৰ : দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত অনুষ্ঠিত হ’ল বিটিচি পৰিষদীয় নিৰ্বাচন ৷ সোমবাৰে সম্পন্ন হয় ইয়াৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ বাক্সা আৰু ওদালগুৰি জিলাত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ৷ শান্তিপূৰ্ণ ভাৱেই ভোট গ্ৰহণ অনুষ্ঠিত হয় যদিও দুই এটা ভোটকেন্দ্ৰত বিসংগতি পৰিলক্ষিত হয় ৷ বাক্সাৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ৩০ নং ভোট কেন্দ্ৰতো পৰিলক্ষিত হয় বিসংগতি ৷

বাক্সাৰ দীঘেলীত ভোট কেন্দ্ৰত ধৰ্ণাত বহিল ভোটাৰ

৫১৫ নং দীঘেলী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৪৭ গৰাকী ভোটাৰৰ নাম ডিলিট দেখুওৱাত ভোট প্ৰদানৰ পৰা বঞ্চিত এই ভোটাৰ সকল ৷ বঞ্চিত ভোটাৰে ভোট কেন্দ্ৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কেন্দ্ৰটোত ভোটদান বন্ধ কৰাৰো চেষ্টা কৰে বঞ্চিত ভোটাৰসকলে ৷

আনহাতে, বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কনষ্টাইন তিৰ্কীয়ে ভোট প্ৰদান কৰি জানিবলৈ দিয়ে যে, এইবাৰ পৰিৱৰ্তনৰ কাৰণে দিহিৰা বাসী ৰাইজে বিজেপি দলক ভোটদান কৰিব ৷ অসমত যেনেকৈ বিজেপিৰ চৰকাৰ থিক তেনেকৈ বিটিচিতো বিজেপি চৰকাৰ হ’ব বুলিও কয় প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.