ETV Bharat / state

বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ কৰিলে বাংগালুৰুৰ তালাচে - বাংগালোৰত উদ্ধাৰ অসমৰ বাক্সাৰ তিনিগৰাকী কিশোৰী

মানৱ সৰবৰাহকাৰী চক্ৰৰ জালৰ পৰা বাংগালোৰত উদ্ধাৰ অসমৰ বাক্সাৰ তিনিগৰাকী কিশোৰী ৷ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উদ্ধাৰ কৰে কিশোৰীকেইগৰাকীক ৷

Three girl from Baksa rescue in Bangalore
বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ বাংগালুৰুত
author img

By

Published : Nov 26, 2019, 10:35 PM IST

বাক্সা, 26 নৱেম্বৰঃ বাংগালুৰুত উদ্ধাৰ বাক্সাৰ তিনি কিশোৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰি বাংগালুৰুলৈ যোৱা বৃহত্তৰ নাগ্ৰীজুলিৰ তিনি কিশোৰীক বাংগালুৰুৰ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উদ্ধাৰ কৰে ৷ কিশোৰীগৰাকীক উদ্ধাৰ কৰি স্বেচ্ছাসেৱী সংস্থাটোৱে বাংগালুৰুস্থিত CWCৰ হাতত গতাই দিয়ে ৷ তেওঁলোকে কিশোৰীকেইগৰাকীৰ সঠিক পৰিচয় সংগ্ৰহ কৰি বাক্সা আৰক্ষীৰ লগত যোগোযোগ কৰি ঘটনাটো অৱগত কৰে ৷ বাক্সা আৰক্ষীয়ে তামুলপুৰ আৰক্ষী আৰু নাগ্ৰীজুলি আৰক্ষীৰ সহযোগত তদন্ত কৰি কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়াল সমূহ চিনাক্ত কৰে ৷

বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ বাংগালুৰুত

উল্লেখ্য যে যোৱা 18 নৱেম্বৰত তামুলপুৰ আৰু নাগ্ৰীজুলিৰ পৰা এটা আৰক্ষীৰ দল বাংগালুৰুলৈ ৰাওনা হয় আৰু CWCৰ লগত যোগাযোগ কৰি কিশোৰী কেইগৰাকীক বাংগালুৰুৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ আনে ৷ কিশোৰী কেইগৰাকীৰ ভাষ্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাস নামৰ লোক এজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷ আনহাতে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই উল্লেখ কৰা মতে শুক্লা দাস বৰ্তমান পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ তিনিচুকীয়াৰ মুনিনৰ 'প্ৰজ্ঞা'

Intro:বাক্সাৰ তামুলপুৰ-নাগ্ৰিজুলি আৰক্ষীৰ বৃহৎ সাফল্য।
কাম দিয়াৰ প্ৰলোভনৰে বাংগালুৰুলৈ নিয়া তিনি কিশোৰীক উদ্ধাৰ আৰক্ষীৰ। Body:ৰাজ্যত অতি সম্প্ৰতি বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰীৰ তৎপৰতা। নিবনুৱা সমস্যাৰ গইনা লৈ এচাম দুষ্ট চক্ৰই প্ৰতিদিনে অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰি আহিছে মানৱ সম্পদ। এনে এক ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ নাগ্ৰিজুলিত। আজিৰ পৰা কিছুদিন পূৰ্বে বৃহত্তৰ নাগ্ৰিজুলি অঞ্চলৰ তিনি গৰাকী কিশোৰীক কাম দিয়াৰ প্ৰলোভনৰে নাগ্ৰিজুলিৰ দেউচুঙা অঞ্চলৰ শুক্লা দাস নামৰ লোক এজনে ৰঙিয়াৰ পৰা ৰেল যোগে বাংগালুৰুলৈ পঠাইছিল। কিশোৰী তিনি গৰাকীয়ে বাংগালুৰুৰ পৰা কৰ্ণাটকলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে বাংগালুৰুৰ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰী কেইগৰাকীক সোধপোছ কৰে। কিশোৰী কেইগৰাকীৰ পৰা কোনো সদুত্তৰ নোপোৱাত ' তালাচ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কিশোৰী কেইগৰাকীয়ে দুষ্ট চক্ৰৰ কবলত পৰা বুলি নিশ্চিত হয়। লগে লগে স্বেচ্ছাসেৱী সংস্থা টোৱে বাংগালুৰুস্থীত CWC ৰ লগত যোগাযোগ কৰি কিশোৰী তিনিগৰাকীক CWC ক গটাই দিয়ে আৰু তেতিয়াৰ পৰা CWC এ কিশোৰী কেইগৰাকীক তেওঁ লোকৰ জিন্মাত ৰাখি বাক্সা জিলা আৰক্ষীৰ লগত যোগাযোগ কৰে। কিশোৰী কেইগৰাকীৰ সন্দৰ্ভত বাক্সা আৰক্ষীয়ে তামুলপুৰ আৰক্ষী থানা আৰু নাগ্ৰিজুলি আৰক্ষী চকীত যোগাযোগ কৰি তদন্তৰ নিৰ্দেশ দিয়ে। তামুলপুৰ আৰু নাগ্ৰিজুলি আৰক্ষীয়ে তদন্ত কৰি কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালসমূহ চিনাক্ত কৰে। যোৱা ১৮ নৱেম্বৰত তামুলপুৰ আৰু নাগ্ৰিজুলিৰ পৰা এটা আৰক্ষীৰ দল বাংগালুৰুলৈ ৰাওনা হয় আৰু CWC ৰ লগত যোগাযোগ কৰি কিশোৰী কেইগৰাকীক বাংগালুৰুৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ আনে। কিশোৰী কেইগৰাকীৰ ভায্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসৰ বিৰূদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। Conclusion: তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক অসীম বৰাই জানিবলৈ দিয়া মতে শুক্লা দাস বৰ্তমান পলাতক অবস্থাত আছে। তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসক আটক কৰিবলৈ জোৰদাৰ তদন্ত আৰম্ভ কৰে।

বাইট---আৰক্ষী বিষয়া অসীম বৰা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.