বাক্সা, 11 এপ্ৰিল : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতেমা এলেকাৰ চিদাঝাৰত শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা ৩ টাকৈ গঁড়ৰ পোৱালী সংস্থাপন কৰা হয় । সম্প্ৰতি তিনি হেক্টৰ মাটি কালিৰ এলেকাত স্থাপিত বমাত (এনক্লোঝাৰ) দুমাহৰ বাবে গঁড়ৰ পোৱালী তিনিটাক বনবিভাগে ৰখাৰ ব্যৱস্থা কৰে । গঁড়ৰ পোৱালীৰ তিনিটাৰ ভিতৰত দুটা মাইকী আৰু এটা মতা পোৱালী । উল্লেখ্য যে, ২০১৯ চনৰ ভয়াবহ বানৰ সময়ত আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ পোৱালী তিনিটাক উদ্ধাৰ কৰি পাণবাৰীৰ "বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ"ত প্ৰতিপাল কৰি ৰখা হৈছিল ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ পোৱালী তিনিটা আনুষ্ঠানিকভাবে মুকলি কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শৰ্মাই কয় যে, "মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই তিনিটা গঁড়ক লৈ ৪৭ টালৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা । আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আন দুটি পোৱালীৰ সন্ধানো পোৱা গৈছে । সেই দুটা পোৱালীৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ৪৯ টা লৈকে বৃদ্ধি পাইছে । বিগত ২০০৬ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এতিয়ালৈকে মুঠ ২১ টা গঁড় অনা হয় । অহা ১৩ এপ্রিলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু দুটা গড়ৰ পোৱালী আহিব । সেই দুটাক লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা ৫১ টালৈ বৃদ্ধি পাব ।"
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় মুকলি অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ বন বিভাগৰ মুখ্য বন বিষয়া অনিন্দ স্বৰ্গীয়াৰীয়ে কয় যে, "আমি বাঁহবাৰী এলেকাতেই গঁড় এৰি দিয়া ব্যৱস্থা নকৰি এতিয়া কাহিতেমা এলেকাৰ চিদাঝাৰতো এৰি দিয়াৰ ব্যৱস্থা কৰিলো । যাৰ জৰিয়তে ইয়াৰ স্থানীয় লোকসকলেও অনুভৱ কৰিব পাৰিব যে আমাৰ অঞ্চলৰ কাৰণেও যে কিবা এটা কৰিছে । আগন্তুক সময়ত পানবাৰী এলেকাতো গঁড় এৰি দিয়াৰ ব্যৱস্থা কৰিছো ।" অনুষ্ঠানত শুকুৰবাৰে গঁড়ৰ আক্রমণত নিহত হোৱা অনিমেষ ডেকাৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন ব্ৰত পালন কৰা হয় । অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ সংৰক্ষণ বিষয়া প্ৰদীপ বৰা, ডব্লিউ টি আইৰ যুটীয়া সঞ্চালক ডাঃ ৰথিন বৰ্মন, ডব্লিউ টি আইৰ উপ সঞ্চালক ভাস্কৰ চৌধুৰী, সনাতন ডেকাকে আদি কৰি কেইবাগৰাকী বন বিষয়াই অংশগ্রহণ কৰে ।
লগতে পঢ়ক : হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত কম্পমান মহাজোঁটঃ অগপৰ আজিজে আজমলক লগ কৰিলে কিয় ?