ETV Bharat / state

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

author img

By

Published : Nov 15, 2020, 2:17 PM IST

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা। শিশু সহ এটি পৰিয়ালৰ পাঁচ গৰাকী আহত । এই ঠাইত এটা মাহৰ ভিতৰত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু একাধিক লোকে দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা
নাগ্ৰীজুলিত পথ দুৰ্ঘটনা

বাক্সা, 15 নৱেম্বৰ : দেওবাৰে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত আহত হয় একেটা পৰিয়ালৰ দুগৰাকী শিশু সহ মুঠ পাঁচ গৰাকী লোক । আহত লোক কেইজন ক্ৰমে নলবাৰী জিলাৰ দলুৱা গাঁও নিবাসী ৩৭ বছৰীয়া দ্বিজেন্দ্ৰ কালিতা, তেওঁৰ পত্নী ৩১ বছৰীয়া গিৰিজা কালিতা, তেওঁৰ দুগৰাকী কন্যা সন্তান ক্ৰমে ১৩ বছৰীয়া নেহা কালিতা আৰু ৬ বছৰীয়া ভাৱনা কলিতা লগতে দ্বিজেন্দ্ৰৰ ২৭ বছৰীয়া ভগ্নী কৰৱী কলিতা আহত হয়।

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী
নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

দ্বিজেন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে দেওবাৰে পুৱা তেওঁলোকে ঘৰৰ পৰা পৰিয়াল সহ ভাৰত-ভূটান সীমান্তৰ বগামাটিলৈ ফুৰিবলৈ গৈছিল। তেওঁলোকে তামুলপুৰ-নাগ্ৰীজুলি পথৰ বাল্টি নদীৰ কেঁকুৰি পাৰ হবলৈ লওঁতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথৰ পৰা বাগৰি পৰে ৷ লগে লগে কাষৰ পথাৰত পৰে ৷ ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰি আহত অৱস্থাত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। আহত আটাইকেইজনক তামুলপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । আহত সকলৰ ভিতৰত কৰবী কলিতা, নেহা কালিতা আৰু ভাৱনা কলিতাৰ আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বাল্টি নদীৰ দলঙৰ ওচৰত থকা কেঁকুৰীটোত প্ৰায়ে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এটা মাহৰ ভিতৰত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু একাধিক লোকে দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাব লগা হৈছে ।

লগতে পঢ়ক:ধৰ্ষণকাৰীৰ গ্ৰেপ্তাৰৰ বাবে নিজ কন্যাক ব্যৱহাৰ আৰক্ষী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.