ETV Bharat / state

বাক্সাত শিক্ষক, ব্যৱসায়ী, সমাজকৰ্মীৰ খাদ্য সামগ্ৰী বিতৰণ - ফুহুৰাবী বাচুগ্ৰা মুছাহাৰী এম ই স্কুল

লক্ ডাউন বা তলাবন্ধৰ মাজতেই আৰ্তজনক সহায়ৰ হাত ফুহুৰাবী বাচুগ্ৰা মুছাহাৰী এম ই স্কুলৰ অন্তৰ্গত ফুহুৰাবী বাচুগ্ৰা মুছাহাৰী এম ই স্কুলৰ শিক্ষক সকলৰ লগতে স্থানীয় ব্যৱসায়ী তথা সমাজকৰ্মী সকলৰ ।

বাক্সাত আৰ্তজনলৈ সহায়ৰ হাতত
বাক্সাত আৰ্তজনলৈ সহায়ৰ হাতত
author img

By

Published : Apr 11, 2020, 1:12 PM IST

Updated : Apr 11, 2020, 1:42 PM IST

বাক্সা, ১১ এপ্ৰিলঃ বিশ্ব ত্ৰাস কৰ'ণা ভাইৰাছৰ মহামাৰীৰ কৱলত ইতিমধ্যে সমগ্ৰ বিশ্বতে লাখতকৈ অধিক লোকে মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে । ভাৰততো এই ভাইৰাছৰ প্ৰকোপ দেখা পোৱা গৈছে । যাৰ বাবে এই ভাইৰাছক প্ৰতিহত কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ২১ দিনীয়া তলাবন্ধৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই আহ্বানক সৰ্বত্ৰে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত স্তব্ধ হৈ পৰে জন-জীৱন । অৱশ্য়ে এই তলাবন্ধৰ অধিক প্ৰভাৱ পৰিছে দিন হাজিৰা কৰি খোৱা লোক সকলৰ ওপৰত । তেনেতে অসমৰ বিত্তীয় তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘোষণা পাৰিলে চৰকাৰী কৰ্মচাৰী সকলে নিজৰ দৰমহাৰ টকাৰে পাঁচটা পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহক । তাৰ পিছতেই বিভিন্ন ঠাইত শিক্ষক তথা হৃদয়বান লোক সকলে আগবাঢ়ি আহিল আৰ্তজনক সহায় কৰিবলৈ ।

বাক্সাত আৰ্তজনলৈ সহায়ৰ হাতত

শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ফুহুৰাবী বাচুগ্ৰা মুছাহাৰী এম ই স্কুলৰ শিক্ষক সকলৰ লগতে স্থানীয় ব্যৱসায়ী তথা সমাজকৰ্মী সকলে মিলি অঞ্চলটোৰ প্ৰায় ১৫০ টা দিন হাজিৰা কৰি খোৱা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে নিতৌ ব্যৱহিত সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, খাদ্য সামগ্ৰী বিতৰণৰ সময়ত সুন্দৰ ভাৱে সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হয় ।

Last Updated : Apr 11, 2020, 1:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.