ETV Bharat / state

"দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ" জানেনে ছবিখনৰ কথা ? - tamulpur

লক ডাউনৰ সৎ ব্যৱহাৰ তামুলপুৰৰ উদীয়মান যুৱকৰ । ছুটি ছবি নিৰ্মাণেৰে চমক প্ৰতিভাৱান যুৱকৰ । "দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ" নামৰ এখন ছুটি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পাচতে সৰ্বত্ৰ চর্চা অব্যাহত আছে ।

দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ
তামুলপুৰত প্ৰতিভাৱান যুৱকে প্ৰস্তুত কৰি উলিয়ালে "দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ"
author img

By

Published : Aug 4, 2020, 12:37 PM IST

বাক্সা, 4 আগষ্টঃ তামুলপুৰত কেইজনমান প্ৰতিভাৱান যুৱকৰ সফল প্ৰচেষ্টা ৷ লক ডাউনৰ সময়ত নিৰ্মাণ কৰি উলিয়াইছে এখন ছুটি ছবি ৷ কোনো এক্সন ডাইৰেক্টৰ তথা কোনো নামজ্বলা পৰিচালক নোহোৱাকৈ নিৰ্মাণ কৰি উলিয়াইছে ছবিখন ৷ মাত্ৰ এটা সৰু কেমেৰাৰে চানস্বৌৰাং খাখলাৰী নামৰ প্ৰতিভাসম্পন্ন যুৱকজনে নিৰ্মাণ কৰি উলিয়াইচে "দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ" নামৰ এখন ছুটি ছবিখন । যিখন ছবিয়ে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আৰু YouTubeত লাভ কৰিছে অভূতপূৰ্ব সহাঁৰি ।

তামুলপুৰত প্ৰতিভাৱান যুৱকে প্ৰস্তুত কৰি উলিয়ালে "দ্যা আন বিটেবল তামুলপুৰীয়ান ওৱেৰিয়ৰছ"

আনহাতে,ছুটি ছবিখনত অভিনয় কৰা যুৱককেইজনক লৈ চানস্বৌৰাং খাখলাৰীয়ে এইবাৰ আৰম্ভ কৰিছে এখন নতুন এক্সন ৱেব চিৰিজ ৷ যাৰ কাহিনী লিখিছে তামুলপুৰৰ উদীয়মান কবি,লেখক চনম চাংকি দাসে । কোনো পেছাদাৰী শিল্পী বা কলা-কুশলী নোহোৱাকৈ তামুলপুৰৰ এই যুৱক কেইজনে কৰা এনেবোৰ কামে আৰু অধিক সফলতা লাভ কৰিব বুলি আশা কৰিছে অঞ্চলবাসীয়ে ।

লগতে পঢ়কঃ ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.