বাক্সা,31 মাৰ্চঃ কৰ’ণা ভাইৰাছে দিনকদিনে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ ভিন্ন অঞ্চলৰ ৰাইজ ভাইৰাছবিধৰ পৰা সাৰি থাকিবলৈ যথেষ্ঠ সষ্টম হোৱা দেখা গৈছে ৷ নগৰাঞ্চলৰ অঞ্চলসমূহ পৰিস্কাৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে গ্ৰাম্যাঞ্চলসমূহ এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰত নাগ্ৰীজুলি আৰক্ষী আৰু বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত কেইবাখনো গাঁৱৰ লগতে বজাৰ চৌহদ চেনিটাইজেশ্যন কৰা হয় । নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত আৱৰ্জনা থকা ঠাইসমূহ পৰিষ্কাৰ কৰি চেনিটাইজেশ্যন কৰা পৰিলক্ষিত হয় বৃহত্তৰ অঞ্চলটোত । প্ৰতিজন লোকে প্ৰায় ১ মিটাৰ দূৰত্ব বজাই ৰাখি দোকান,স্থানীয় স্বাস্থ্য কেন্দ্ৰ,গাঁও অঞ্চলৰ পথ সমূহ চেনিটাইজেশ্যন কৰে ।
লগতে চাওকঃ অসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা