বাক্সা,২৫ মে’: বাক্সা জিলাৰ মুছলপুৰৰ অহোপাত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ অঞ্চলটোত ক’ভিড শ্মশান নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিল তিনি শতাধিক পুৰুষ- মহিলা ৷ জিলা প্ৰশাসনক শ্মশানখন নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে দাবী জনালে স্থানীয় ৰাইজে ৷ ঘটনাক লৈ সোমবাৰে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা ৷
উল্লেখ্য যে, বাক্সা জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মুছলপুৰৰ নিকটৱৰ্তী অহোপা জলসিঞ্চন আঁচনিৰ চৰকাৰী ভূমিত এখন ক’ভিড শ্মশান নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াক লৈ সোমবাৰে বিয়লি শ্মশান নিৰ্মাণৰ বাবে একাংশ কৰ্মচাৰী উপস্থিত হৈ কাম আৰম্ভ কৰাৰ সময়তে গাঁৱৰ ৰাইজে বাধা প্ৰদান কৰে ৷
ৰাইজৰ দাবী শ্লুইচ গেটৰ ওচৰত শ্মশান নিৰ্মাণ কৰিলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন হ’ব ৷ উল্লেখ্য যে, যি স্থানত প্ৰশাসনে শ্মশান নিৰ্মাণৰ কাম হাতত লৈছে, সেই স্থানৰ ওচৰতে আছে এখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি আৰু অহোপা হাইস্কুল ৷ ইয়াৰ বাবে স্থানীয় ৰাইজে ক’ভিড শ্মশান নিৰ্মাণত বাধা প্ৰদান কৰে ৷
পৰৱৰ্তী সময়ত প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত বিষয়টোক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ইফালে প্ৰশাসনে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি শ্মশান নিৰ্মাণৰ কাম চলাই যায় ৷ অৱশ্যে সন্ধিয়া হোৱাৰ বাবে অঞ্চলটোৰ লোকসকল ঘৰলৈ যোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷
লগতে পঢ়ক : য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা