ETV Bharat / state

বিটিচি অঞ্চলৰ ৰাইজে বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা বিচাৰিছেঃ প্ৰমীলা ৰাণী ব্ৰহ্ম

পৰিষদীয় নিৰ্বাচনক লৈ ক্ৰমাত উত্তপ্ত হৈ পৰিছে বিটিচি অঞ্চলৰ ৰাজনীতি। ধুবুৰী জিলাৰ চাপৰৰ এখন সজাগতা সভাত উপস্থিত থাকি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় ।

author img

By

Published : Sep 16, 2019, 9:24 AM IST

Updated : Sep 16, 2019, 1:47 PM IST

ৰাইজে বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা বিচাৰিছে

পূৱ বিলাসীপাৰা, 16 চেপ্তেম্বৰঃ "বিটিচি অঞ্চলৰ ৰাইজে বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা বিচাৰিছে ৷ দুয়োটা দল একত্ৰিত হ'লেহে বিটিচিৰ উন্নয়ন সম্ভৱ" ৷ দেওবাৰে ধুবুৰী জিলাৰ চাপৰৰ এখন সজাগতা সভাত উপস্থিত থাকি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত এইদৰে মন্তব্য কৰে ।

Pramila Rani Brahma visits a meeting at Sapor

পৰিষদীয় নিৰ্বাচনক লৈ বিটিচি অঞ্চলৰ ৰাজনীতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৷ চাপৰৰ বানীয়াপাৰা 2য় খণ্ড গাঁৱত বনাঞ্চল সংৰক্ষণৰ বাবে স্বেচ্ছাসেৱী সংগঠন 'চেভ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সজাগতা সভাত উপস্থিত থাকি মন্ত্ৰী ব্ৰহ্মই বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷ তেওঁ কয় যে নৱ শৰণীয়া ফেক্টৰ নহয়,বড়োসকল বিভক্ত হোৱাৰ বাবে শৰণীয়াৰ বিজয়ৰ পথ মসৃন হৈছে ৷ ইপিনে ইউপিপিএলক বিপিএফৰ সৈতে একত্ৰিত কৰি ইউ জি ব্ৰহ্মক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে দিয়া প্ৰস্তাৱ নাকচ কৰাটো ইউ জি ব্ৰহ্মৰ ব্যক্তিগত মন্তব্য বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে আলোচনাত তেওঁ জড়িত নহয় আৰু হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন ধৰণে আলোচনা চলাই আছে ৷ তদুপৰি তেওঁ কয় যে বিগত সময়ত বিপিএফ দল পৰাজিত হোৱাৰ বাবে বিপিএফ কৰ্মী সকলোৱে বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীতকৰণ বিচাৰিছে ৷ লগতে মন্ত্ৰী গৰাকীয়ে বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজক সজাগ হ'বলৈও আহ্বান জনাই।

Intro:চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মBody:পূৱ বিলাসীপাৰা, ১৬ চেপ্টেম্বৰ:

*নৱ শৰনীয়া ফেক্টৰ নহয় । বড়ো সকল বিভক্ত হোৱা বাবে শৰনীয়াৰ বিজয়ৰ পথ মসৃণ হৈছে ।*

*বিটিচি অঞ্চলৰ ৰাইজে বিচাৰিছে BPF আৰু UPPL ৰ মিত্ৰতা ।*

*দুয়োটা দল একত্ৰিত হলেহে বিটিচি উন্নয়ন সম্ভৱ ।*

*UPPL ক BPF ৰ সৈতে চামিল কৰি ইউ জি ব্ৰহ্মক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে দিয়া প্ৰস্তাৱ নাকচ কৰাটো ইউ জি ব্ৰহ্মৰ ব্যক্তিগত মন্তব্য বুলি দাবী ।*

*আলোচনাত মই জড়িত নহয় হাগ্ৰামা মহিলাৰী বিভিন্ন ধৰণে আলোচনা চলাই আছে ।*

*যোৱা বিগত সময়ত BPF দল পৰাজিত হোৱাৰ বাবে BPF কৰ্মী সকলোৱে বিচাৰিছে BPF আৰু UPPL ৰ একত্ৰিতকৰণ*

*এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মৰ*

*V.O : পৰিষদীয় নিৰ্বাচনক লৈ ক্ৰমাত উত্তপ্ত হৈ আছে বিটিচি অঞ্চলৰ ৰাজনীতি । ধুবুৰী জিলাৰ চাপৰৰ এখন সজাগতা সভাত উপস্থিত থাকি মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম ই BPF আৰু UPPL ৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় । বনাঞ্চল সংৰক্ষণৰ বাবে চাপৰৰ বানীয়াপাৰা ২ য় খন্ড গাঁৱত স্বেচ্ছাসেৱী সংগঠন 'চেভ"ৰ উদ্যোগত আয়োজিত এখন সজাগতা সভাত উপস্থিত থাকে মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম । মন্ত্ৰী গৰাকীয়ে বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজক সজাগ হবলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।*

Byte- প্ৰমীলা ৰানী ব্ৰহ্ম ।Conclusion:FROM UDAYADITYA ROY, BILASIPARA EAST
Last Updated : Sep 16, 2019, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.