বাক্সা, 20 আগষ্ট: পৰিৱৰ্তন শ্ল’গানেৰে বিটিচি দখল কৰিব খোজা সকলৰ চৰিত্ৰবোৰ পৰিপুষ্ট হৈ পৰিছে । এই বক্তব্য মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ গয়বাৰী ব্লক বিপিএফৰ উদ্যোগত তামুলপুৰস্থ গয়বাৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰী, নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি নৱকুমাৰ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহত অংশগ্ৰহণ কৰি প্ৰমিলা ৰাণী ব্ৰহ্মই দিয়ে এইদৰে মন্তব্য ।
বক্তব্য প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, অবড়ো সংগঠনে প্ৰত্যক্ষ ভাৱে জড়িত নহ’লেও পিছফালৰ পৰা সমৰ্থন জনোৱাত বিটিচি চুক্তি সম্পাদিত কৰা হ’ল । ছাত্ৰ-ছাত্ৰী সকলক স্কুটী প্ৰদান কৰা হ’ল, ৰাস্তা-ঘাট উন্নয়ন হ’ল ।
বিটিআৰ চুক্তিৰ কেতিয়াও ৰূপায়ণ নহয় বিটিআৰ চুক্তি কথা বিপিএফে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে । এনডিএফবি চাৰিটা গোটৰ তিনিটা বিপিএফৰ লগত আছে বুলিকৈ প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।