ETV Bharat / state

নাৱেৰে দুৰ্বিষহ যাত্ৰা অব্যাহত বাক্সাৰ বেতবাৰী অঞ্চলৰ ৰাইজৰ - ২০১৮ চনতে নৈ খনৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল

নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ (Nimati Ghat ferry accident) পাছতে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়াও বহু ঠাইত সাধাৰণ নাৱৰ ওপৰতে ভৰষা কৰি যাতায়ত কৰিবলগীয়া হোৱাটো উদ্বেগৰ কাৰণ হৈছে সমগ্ৰ অসমবাসীৰ বাবে । বাক্সা জিলাটো আছে তেনে এটা অঞ্চল । এইবাৰ অঞ্চলটোৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই আহিল ।

protest demanding construction of bridge
নাৱেৰে দুৰ্বিষহ যাত্ৰা অব্যাহত বাক্সাৰ বেতবাৰী অঞ্চলৰ ৰাইজৰ
author img

By

Published : Sep 9, 2021, 5:44 PM IST

বাক্সা,৯ ছেপ্টেম্বৰ : যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত ন ন উদ্ভাৱন হৈছে বিশ্বৰ ভিন্ন প্ৰান্তত । সুৰক্ষিত,দ্ৰুত যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত বিভিন্ন পদ্ধতি অৱলম্বন কৰি উজলিছে বহু দেশ । কিন্তু এনে সময়তো অসমৰ যাতায়ত ব্যৱস্থাৰ কিছুমান দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব ।

অসমৰ বাক্সা জিলাৰ এটা অঞ্চলৰ লোকে আজিও এখন সাধাৰণ নাৱক সাৰথি কৰি বাকী অঞ্চলৰ সৈতে দৈনিন্দিন যাত্ৰা অব্যাহত ৰাখিছে । হয় এতিয়াও যাতায়তৰ ক্ষেত্ৰত বহু গুণে পিছপৰি আছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বেতবাৰী অঞ্চল । অঞ্চলটোত থকা পহুমাৰা নৈৰ ওপৰত এখনো দলং নথকাৰ ফলত চৰম হাৰাশাস্তি ভূগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

নাৱেৰে দুৰ্বিষহ যাত্ৰা অব্যাহত বাক্সাৰ বেতবাৰী অঞ্চলৰ ৰাইজৰ

শিক্ষাৰ্থীসকলে প্ৰতিদিনে বিদ্যালয় অথবা মহাবিদ্যালয়লৈ নৈৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হয় । ইফালে ২০১৮ চনতে নৈ খনৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । কিন্তু সম্প্ৰতি দলং নিৰ্মাণৰ কামো অতি লেহেমীয়া হৈছে । যাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় লোকসকল ।

চাৰি বছৰে সম্পূৰ্ণ নহ'ল অঞ্চলটোৰ ৰাইজৰ বহু আকাংক্ষিত দলং খন । আনকি ৰাইজৰ দুৰ্দশা বুজিবলৈ আহৰি নাই ৰাজনৈতিক নেতাৰ । স্থানীয় বিধায়ক তথা মন্ত্ৰী উৰ্খাও গৌড় ব্ৰহ্মৰো ৰাইজৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব নাই ।

অৱশেষত প্ৰতিবাদৰ বাবে ওলাই আহিল অঞ্চলটোৰ ৰাইজ । বিটিআৰ চৰকাৰ (BTR Government) লগতে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে দলং খন নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.