বাক্সা, ১৪ ডিচেম্বৰ : বুধবাৰে এবছৰ সম্পূৰ্ণ কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ বিটিছিৰ পৰিষদে (Promod Boro lead BTC council) ৷ সেই উপলক্ষে মঙলবাৰে বাক্সাৰ মুছলপুৰত বিজেপি, ইউ পি পি এল আৰু জিএছপি দলৰ কৰ্মী সকলক লৈ মঙলবাৰে অনুষ্ঠিত হয় এখন কৰ্মী সভা ৷ ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মী সভাত বিটিচি প্ৰধান প্ৰমোদ বড়ো, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(Stae BJP president Bhabesh Kalita), ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই(Minster Pizush Hazarika) অংশ গ্ৰহণ কৰে ৷
ইয়াৰ পূৰ্বে বিজেপি, ইউ পি পি এল আৰু জি এছ পি দলৰ দলীয় পতাকা উত্তোলন কৰে ক্ৰমে প্ৰমোদ বড়ো, ভৱেশ কলিতা আৰু ঘনশ্যাম দাসে ৷ আনহাতে, ইয়াৰ পিচতে স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়িত হয় ৷ ইতিমধ্যে সাংবাদিকৰ আগত বিটিচিৰ মুখ্য কাৰ্যাবাহী সদস্য তথা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে বিটিচি পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে তিনিওটা ৰাজনৈতিক দলৰ কৰ্মীৰ কৰ্মশালা অনুষ্ঠিত হোৱা বুলি জানিব দিয়ে ৷
তেওঁ কয় যে, বুধবাৰে কোকৰাঝাৰত অনুষ্ঠিত হ’ব বিটিচিৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান(One year of Prmod Boro's BTC council) ৷ য'ত বিটিচি পৰিষদে গ্ৰহন কৰা উন্নয়ন মূলক আঁচনি সমূহ ঘোষণা কৰা হ’ব ৷ আনহাতে, অহা ১৮ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কোকৰাঝাৰত অনুষ্ঠিত হ’ব বিজয় উৎসৱ(Vijay Utsav in BTR) ৷ ইফালে কৰ্মীসভাত অনুষ্ঠিত থাকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিটিচি পৰিষদক শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়ক : চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা