ETV Bharat / state

গোৰেশ্বৰত পুনৰ আন এজন কোভিড-১৯ত আক্ৰান্ত - স্বাস্থ্য বিভাগে

গোৰেশ্বৰত পুনৰ আন এজন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে লোকজনক বৰমা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে ৷

One New COVID-19 Positive Case AT Baksha District
গোৰেশ্বৰত পুনৰ আন এজন কোভিড-১৯ত আক্ৰান্ত
author img

By

Published : Jun 23, 2020, 9:16 PM IST

বাক্সা,23 জুনঃ বাক্সাৰ গোৰেশ্বৰত পুনৰ আন এজন লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ উপস্থিতি । কৰ'ণাত আক্ৰান্ত লোক জনৰ নাম ৰমেন বড়ো (৪১) ৷

বাক্সা জিলাৰ গোৰেশ্বৰৰ নিবাসী ৰমেন বড়ো মহাৰাষ্ট্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল ৷ ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা মে' 29 তাৰিখে পুনৰ অসমলৈ উভতি আহি গোৰেশ্বৰৰ পুখুৰীপাৰৰ ফণীধৰ বড়ো এলপি স্কুলত হোম কোৱাৰান্টাইন হৈ আছিল ৷ আনফালে 5 জুন তাৰিখে স্বাস্থ্য বিভাগে ৰমেন বড়োৰ স্বাৱ সংগ্ৰহ কৰে ৷ স্বাৱ পৰীক্ষাৰ অন্তত লোক জনৰ দেহত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ৰিপৰ্ট আহে ৷

গোৰেশ্বৰত পুনৰ আন এজন কোভিড-১৯ত আক্ৰান্ত

ৰমেন বড়োৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই ততালিকে স্বাস্থ্য বিভাগে মঙলবাৰে বৰমা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে উক্ত স্থানত প্ৰশাসনৰ লোক উপস্থিত হৈ কন্টেনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে । উল্লেখ্য যে, ইতিমধ্যে গোৰেশ্বৰ কেইবাটাও স্থান কন্টেনমেন্ট জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰিছে ৷

আনফালে, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাৰ তৎপৰতাত কৰ'ণাত আক্ৰান্ত অঞ্চল সমুহ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে ৷ লগতে প্ৰতিজন কৰ'ণা ৰোগী আক্ৰান্ত হোৱা স্থানত উপস্থিত হৈ আক্ৰান্ত লোক জনৰ ভ্ৰমণ বৃত্তান্তৰ কথা বুজ লয় বিষয়াগৰাকীয়ে ৷ মঙলবাৰে গোৰেশ্বৰত পুনৰ আন এজন লোকৰ দেহত COVID-19 ধৰা পৰাৰ লগে লগে উক্ত গাঁওখন ৰাজহ চক্ৰ বিষয়াগৰাকীৰ নিৰ্দেশত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷

লগতে পঢ়ক- গুৱাহাটীৰ ১১টা ৱাৰ্ডত লক্​ ডাউন ঘোষণা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.