ETV Bharat / state

বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Apr 12, 2020, 9:03 PM IST

বাক্সাৰ গোৰেশ্বৰৰ মহৰিপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত নিহত এজন ৷

One dead at baksa road accident
পথ দুৰ্ঘটনাত নিহত এজন

বাক্সা,12 এপ্ৰিলঃ বাক্সাৰ গোৰেশ্বৰত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । তীব্ৰবেগত আহি থকা এখন স্কুটিয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত নিহত হয় এজন লোক । দুৰ্ঘটনাৰ খবৰ লাভ কৰি ততালিকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্কুটি আৰোহী দুজনক সমীপৰ নাওকাটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

পথ দুৰ্ঘটনাত নিহত এজন

চিকিৎসালয়ত উপস্থিত হোৱাৰ কিছু সময় পিছত চিকিৎসকে মৃত ঘোষণা কৰে এগৰাকী আৰোহীক ৷ মৃত লোকজন গোৰেশ্বৰৰ বকুলশুৰিৰ সুকন দেৱনাথ (৪৫) বুলি জানিব পৰা গৈছে ৷ আনহাতে, আহত আনজন ব্যক্তি ৰামছাঝাৰ নিবাসী বিজয় নাথ (২৩)ক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ উন্নয়নৰ মুখ নেদেখা কাছাৰ জিলাৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.